ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম। মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
কিন্তু হে যাকোব মই সৃষ্টিকৰ্ত্তা যিহোৱাই, আৰু হে ইস্ৰায়েল, তোমাৰ নিৰ্ম্মাণকৰ্ত্তা যিহোৱা এইদৰে কৈছে, “ভয় নকৰিবা, কিয়নো মই তোমাক মুক্ত কৰিলোঁ; মই তোমাৰ নাম ধৰি তোমাক মাতিলোঁ, তুমি মোৰেই।” যিহোৱাই কৈছে, “তোমালোকে যাতে জানিব পাৰা আৰু মোক বিশ্বাস কৰা, আৰু মইয়ে যে তেওঁ, ইয়াক বুজিব পাৰা, সেয়ে তোমালোকেই মোৰ সাক্ষী আৰু মোৰ মনোনীত দাস। মোৰ পূৰ্বতে কোনো ঈশ্বৰ নিৰ্ম্মিত হোৱা নাই, আৰু মোৰ পাছতো কোনো নহ’ব। মই, ময়েই যিহোৱা, মোৰ বাহিৰে আন কোনো ত্ৰাণকৰ্ত্তা নাই। ময়েই প্ৰচাৰ কৰিলোঁ, ময়েই পৰিত্ৰাণ কৰিলোঁ, আৰু ময়েই ঘোষণা কৰিলোঁ; আৰু আন কোনো দেৱতা তোমালোকৰ মাজত নাই; যিহোৱাই কৈছে, “তোমালোকে মোৰ সাক্ষী, আৰু মইয়েই ঈশ্বৰ; আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?” তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম। ময়েই যিহোৱা, তোমালোকৰ পবিত্ৰ জনা, ইস্ৰায়েলৰ সৃষ্টিকৰ্ত্তা, তোমালোকৰ ৰজা।” সমুদ্ৰৰ মাজেদি বাট, (মহাজলৰাশিৰ মাজেদি পথ যুগুত কৰা যিহোৱাই এই কথা কৈছে, ৰথ আৰু ঘোঁৰা, সৈন্য-সামন্ত আৰু বীৰসকলক বাহিৰ কৰি অনা জন, তেওঁলোকে একেলগে শুলে, তেওঁলোক আৰু নুঠে; আৰু তেওঁলোক লুপ্ত হ’ব, জ্বলি থকা শলিতাৰ দৰে নুমাই যায়) তোমালোকে পূৰ্বকালৰ কথা সোঁৱৰণ নকৰিবা, আৰু পুৰণি কথাবোৰলৈ বিবেচনা নকৰিবা। চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম। তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।” বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা) এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে ছাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব; মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম।
মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।
মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে? আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে। তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই। হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক। কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে। হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা। যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক। যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক। কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।” কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা। তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে। তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ। প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা। কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব; প্ৰচুৰ আশীর্বাদ পাই তেওঁলোক আনন্দিত হব। দুষ্টই ধাৰ্মিকলোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে; তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰঁচে। প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখিছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে। দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে। কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব, আৰু তেওঁলোকৰ ধনু ভঙা হব। দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল। কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব। সিদ্ধ লোকৰ সকলো দিন যিহোৱাই জানে, আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব। সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব। কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব। দুষ্টবোৰ বিনষ্ট হব, যিহোৱাৰ শত্রুবোৰ পথাৰৰ তৃণৰ শোভাৰ সদৃশ হব; তেওঁলোক অদৃশ্য হৈ যাব; ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ’ব। দুষ্টই ধাৰে লয়, কিন্তু তাক পৰিশোধ নকৰে; কিন্তু ধাৰ্মিক লোক দয়াৱান আৰু দানশীল। যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব। যিহোৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে; তেওঁ তেওঁৰ পথত সন্তোষ পায়। তেওঁ উজুতি খাই পৰিলেও নিচেইকৈ পতিত নহব; কিয়নো যিহোৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে। মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই। ধার্মিকসকল সদায় দয়ালু, আৰু তেওঁলোকে ধাৰে দিয়ে; তেওঁলোকৰ বংশই আশীৰ্ব্বাদ পায়। তুমি দুষ্টতাৰ পৰা আতৰি আহাঁ আৰু ভাল কৰ্ম কৰা; তুমি চিৰকাল জীয়াই থাকিবা। কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব। ধাৰ্মিকসকল পৃথিবীৰ অধিকাৰী হব; তেওঁলোক তাত সৰ্ব্বতিকাললৈকে বাস কৰিব। যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ! যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ। হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা। কোন সেই লোক, যি জনে যিহোৱালৈ ভয় ৰাখে? তেওঁলোকে মনোনীত কৰিবলগীয়া পথ যিহোৱাই তেওঁলোকক শিকাব। তেওঁলোকে উন্নতিৰ মাজেদি নিজৰ জীৱন কটাব; তেওঁলোকৰ বংশধৰসকলে দেশ অধিকাৰ কৰিব। যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়। মোৰ চকু চিৰকাল যিহোৱাৰ ফাললৈ; কিয়নো তেৱেঁই মোৰ ভৰি জালৰ পৰা মুক্ত কৰিব। মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুঃখিত। মোৰ হৃদয়ৰ যাতনাৰ পৰা মোক মুক্ত কৰা; মোৰ নানা ক্লেশৰ পৰা মোক উদ্ধাৰ কৰা। মোৰ দুখ আৰু সঙ্কটলৈ দৃষ্টি কৰা, মোৰ সকলো পাপ ক্ষমা কৰা। মোৰ শত্রুবোৰলৈ চোৱা, তেওঁলোক সংখ্যাত অনেক; তেওঁলোকে কিমান ভীষণ ঘৃণাৰে মোক ঘিণ কৰে। হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ; তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা। কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা। ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?” কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে, যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”
যিসকল লোকে পথত চলে, তেওঁলোকক যিহোৱাই ৰক্ষা কৰে। কিন্তু দুষ্টলোকৰ বাবে সেয়ে সৰ্ব্বনাশ স্বৰূপ।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব। বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী, এই লোকসকলক মোৰ নিজৰ বাবে নিৰ্মাণ কৰিলোঁ, যাতে তেওঁলোকে মোৰ প্রশংসা গুণ কীৰ্ত্তন কৰিব পাৰে। কিন্তু হে যাকোব, তুমি মোক হ’লে, আহ্বান কৰা নাই; আৰু হে ইস্ৰায়েল, তুমি মোৰ পৰা আমনি পাইছা। তুমি মোৰ ওচৰলৈ তোমাৰ মেৰ-ছাগ জাকৰ পৰা এটাও মেৰ-ছাগ হোম বলিৰ বাবে নানিলা; নাইবা তুমি বলিদানৰ দ্বাৰাই মোক সমাদৰ কৰা নাই। নৈবেদ্যেৰে কৰা সেৱাকৰ্ম মই তোমাক কৰোঁৱা নাই, নাইবা ধূপ লগোৱাই তোমাক ক্লান্ত কৰা নাই। তুমি ধন দি মোৰ বাবে উত্তম সুগন্ধি কিনা নাই, নাইবা তুমি তোমাৰ বলিৰ তেলেৰে মোক তৃপ্ত কৰা নাই; কিন্তু তোমাৰ পাপ বোৰৰ দ্বাৰাই মোক ভাৰগ্ৰস্ত কৰিলা, আৰু তোমাৰ অপৰাধবোৰেৰে মোক চিন্তিত কৰিলা। মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম; কি হৈছিল তাৰ বাবে মোক সোঁৱৰণ কৰা; আহাঁ, আমি একেলগে বাদানুবাদ কৰোঁহক; তুমি যাতে নিৰ্দ্দোষী প্ৰমাণিত হোৱা তাৰ বাবে কাৰণ দৰ্শোৱা। তোমাৰ আদিপিতৃয়ে পাপ কৰিলে, আৰু তোমাৰ মূখ্যসকলে মোৰ বিৰুদ্ধে অধৰ্ম আচৰণ কৰিলে। এই হেতুকে মই পবিত্ৰীকৃত অধ্যক্ষসকলক অপবিত্ৰ কৰিম, মই যাকোবক সৰ্বনাশ আৰু ইস্ৰায়েলক নিন্দাৰ বিষয় কৰিম। কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে। তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে। যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে। সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
দুটা ঘৰ-চিৰিকা ক্ষুদ্র পইচালৈ নেবেচে নে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এটিও মাটিত নপৰে। ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ সংগ্রহকাৰী মথি, আলফয়ৰ পুতেক যাকোব আৰু থদ্দেয়, তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা।
সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ; এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফান্দত নপৰিব।
তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য। তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে। এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।” এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে। কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম।
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে। তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;
এতিয়াও তুমি মোৰ দৃষ্টিত বহুমূল্য আৰু আদৰণীয়, মই তোমাক প্ৰেম কৰোঁ; সেই বাবে মই তোমাৰ সলনি মানুহবোৰক, তোমাৰ প্রাণৰ সলনি লোক সমূহক দিম।
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ। যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই। যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন। যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব। এতেকে হে ভাই সকল, আমি মাংসৰ বশত জীয়াই থাকিবলৈ মাংসৰ ধৰুৱা নহওঁ। কাৰণ আপোনালোকে যদি মাংসৰ বশত জীয়াই থাকে, তেনেহলে আপোনালোক যেনে হ’লেও মৰিব; কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয়, তেনেহলে আপোনালোক জীৱ। কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান। সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে, এনে নহয়; কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা, পিতৃ বুলি মাতোঁ, এনে তোলনীয়া পুত্ৰৰ আত্মা পালে। আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে। আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ। কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ আশাই বাট চাই আছে। কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে।
মই যদি আপোনালোকক চাবলৈ যাওঁ, নাইবা অনুপস্থিতো থাকো, তথাপি আপোনালোকে যে এক আত্মাৰে থিৰ হৈ আছে আৰু এক মনেৰে শুভবাৰ্তাৰ সমন্ধীয় বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিছে, সেই বিষয়ে যেন আপোনালোকৰ পৰা শুনিবলৈ পাম, ইয়াৰ বাবেই আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ যোগ্য জীৱন-যাপন কৰক, এয়ে মাত্ৰ মোৰ নিবেদন।
তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে। মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
যদি মই কওঁ, “আন্ধাৰে মোক ঢাকিব আৰু মোৰ চাৰিওফালে যি পোহৰ আছে, সেয়ে অন্ধকাৰ হৈ যাব; বাস্তৱিক তোমাৰ ওচৰত সেই আন্ধাৰ, আন্ধাৰ হৈ নাথাকে; বৰং ৰাতি দিনৰ পোহৰৰ নিচিনাকৈয়ে উজ্জ্বল হয়; তোমাৰ ওচৰত আন্ধাৰ আৰু পোহৰ উভয়েই সমান।