25 মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
মানুহৰ ওপৰত ভাৰসা ৰখাতকৈ যিহোৱাত আশ্ৰয় লোৱাই ভাল।
মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়।
যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।
ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
এই জ্ঞানৰ কথা তুমি ধৰি ৰখা ভাল; এটাকো হাতৰ পৰা যাবলৈ নিদিবা; যি লোকে ঈশ্বৰক ভয় কৰে, তেওঁ সকলো কঠিনতাত কৃতকার্য হ’ব।
তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।
তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা দিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হ’ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগল।
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
তেতিয়া শিষ্য সকলে আহি যীচুক ক’লে, “ফৰীচী সকলে যে আপোনাৰ এই কথা শুনি অপমান বোধ কৰিছে, ইয়াক আপুনি জানে নে?”
হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।
এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
ইহুদী সকলৰ ভয়তে তেওঁৰ মাক-বাপেকে এই কথা ক’লে। কিয়নো ইহুদী সকলে আগেয়ে স্থিৰ কৰিছিল যে কোনোৱে যদি যীচুক মচীহ বুলি স্বীকাৰ কৰে, তেনেহলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰা হ’ব।
বিবাদৰ সময়ত আপোনালোকে কাৰো পক্ষ নল’ব আৰু ডাঙৰ-সৰু সকলোৰে কথা সমানে শুনিব। বিচাৰৰ কার্য প্রকৃততে ঈশ্বৰৰ; সেয়ে আপোনালোকে মানুহৰ মুখলৈ চাই ভয় নাখাব। যদি কোনো বিবাদ আপোনালোকৰ কাৰণে কঠিন যেন লাগে, তেন্তে সেই বিচাৰ মোৰ ওচৰলৈ আনিব, মই সেই বিচাৰ কৰিম।”
তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।
পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
কিন্তু ‘দায়ূদে আমাৰ বিৰুদ্ধে এনে কৰ্ম কৰিলে’ এইদৰে সিহঁতে ক’ব পাৰে বুলি ভাবি, দায়ূদে কোনো পুৰুষ বা মহিলাক গাতলৈ আনিবৰ বাবে জীয়াই নাৰাখিলে। তেওঁ পলেষ্টীয়াসকলৰ দেশত বাস কৰা গোটেই কালত এইদৰে ব্যৱহাৰ কৰিছিল।