13 এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব।
হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিৱী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তান সকলৰ কোঁঠস্বৰূপ হ’ব।
“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;
কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে; তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলোঁ৷
এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;
তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল, কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল,
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক।
কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।
মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ আশা পূর্ণ হব।
তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।