গীত 34:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20194 মই যিহোৱাক বিচাৰিলো, তাতে তেওঁ মোক উত্তৰ দিলে; মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। অধ্যায়টো চাওক |
তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।