1 তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
কান্দিবৰ সময় আৰু হাঁহিবৰ সময় আছে; শোক কৰাৰ সময় আৰু নাচিবৰ সময় আছে।
সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।
তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
যিৰূচালেমৰ উচ্ছন্ন লোকসকল, একেলগে গানেৰে আনন্দত উল্লাস কৰা, কাৰণ যিহোৱাই তেওঁৰ লোকসকলক শান্ত্বনা দিলে, তেওঁ যিৰূচালেমক মুক্ত কৰিলে।
উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।
তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিয়াম; তেতিয়া তোমাৰ পৰা মোৰ অন্তৰ্জ্বালা দূৰ হ’ব আৰু মই শান্তিৰে থাকিম, পুনৰায় ক্ৰোধ নকৰিম।
তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
এতেকে, এইবোৰ কথাৰ দ্বাৰাই আপোনালোকে পৰস্পৰক সান্ত্বনা দিয়ক।