Biblia Todo Logo
বাইবেলৰ পদ
- বিজ্ঞাপন -

শ্ৰেণী

উল্লাসিত হওকভালপোৱাবন্ধুত্বপ্ৰশংসা আৰু পূজাতুমি পান কৰাপিতৃ-মাতৃআশীৰ্বাদবিবাহআৰামজন্মদিনআশাইভানজেলিজ কৰকভৰসাশক্তিঅন্তিম সংস্কাৰযুৱক-যুৱতীবিবাহ-বিবাহমহিলামৃত্যুশিশুপ্ৰসাদপ্ৰাৰ্থনাদুঃখিতপৰিত্ৰাণস্বাস্থ্যপবিত্ৰতাঅনন্ত জীৱনপাৰেঈশ্বৰযীচুআধ্যাত্মিক বাস্তৱতাপ্ৰয়োজনৰ সময়আশীৰ্বাদ কৰামধ্যস্থতা কৰাউপবাসবিশেষ দিনকৃতজ্ঞতাআজ্ঞাবহতাসকলো অনুষ্ঠানঈশ্বৰৰ বস্তুবোৰপ্ৰকৃতিশান্তিবিখ্যাতমৰমলগাদেওবাৰবিশেষ অনুষ্ঠানমন্ত্ৰালয়সমূহদৰ্শনাৰ্থীবিষ আৰু অসুবিধাউল্লাহকু-অভ্যাস আৰু নিচাভৱিষ্যদ্বাণীধনযৌন বিষয়বস্তুপাপন্যায়কঠিন পদমুখস্থ কৰকজীৱনৰ পৰ্যায়সমূহপ্ৰাৰ্থনাঅনুৰোধভিজিলছনিমন্ত্ৰণী পত্ৰউশাহখ্ৰীষ্টমাছবিশ্বাসবাইবেলৰ প্ৰতিজ্ঞাসুৰক্ষাপবিত্ৰ আত্মামূৰ্তিপূজা

113 শ্ৰদ্ধাৰ শক্তি সম্পৰ্কে বাইবেলৰ পদ

113 শ্ৰদ্ধাৰ শক্তি সম্পৰ্কে বাইবেলৰ পদ

তোমাৰ লগত কিছু কথা ভাগ বতৰা কৰি ভাল লাগিছে। ঈশ্বৰক পূজা আৰু স্তুতি কৰিবলৈকে আমাক সৃষ্টি কৰা হৈছে, আৰু তেওঁক পূজা আৰু স্তুতি কৰিলে আমাৰো ভাল হয়। প্ৰেৰিত ১৬:২৫-২৬ পদত আমি দেখিবলৈ পাওঁ যে মাজনিশা পৌল আৰু চিলাছে কাৰাগাৰত ঈশ্বৰক প্ৰাৰ্থনা আৰু স্তুতি কৰিছিল, আৰু হঠাৎ এটা ডাঙৰ ভূমিকম্প হ’ল, কাৰাগাৰৰ ভেটি কঁপি উঠিল, দুৱাৰবোৰ খোল খালে, আৰু বন্দীসকলৰ শিকলি খুলি পৰিল। স্তুতিৰ প্ৰভাৱ কিমান ডাঙৰ সেইয়া এই ঘটনাটোৱে দেখুৱাইছে।

আমি যদি বিশ্বাসী হিচাপে স্তুতিৰ প্ৰভাৱ বুজি পাওঁ, তেন্তে আমি সদায় প্ৰভুক স্তুতি কৰিম। আমাৰ কণ্ঠস্বৰ কেনে সেইটো ডাঙৰ কথা নহয়; যীচুৰ নাম সদায় উচ্চ কৰা উচিত। তেওঁৰ মহিমা স্বীকাৰ কৰি আৰু তেওঁৰ শক্তি ঘোষণা কৰিলে, আমাৰ জীৱনত দুৱাৰবোৰ খুলিব আৰু শিকলিবোৰ ভাঙি যাব।


গীত 106:2

কোনে যিহোৱাৰ মহৎ কাৰ্যবোৰ বৰ্ণনা কৰিব পাৰে? কোনে তেওঁৰ সকলো প্ৰশংসা প্ৰকাশ কৰিব পাৰে?

গীত 116:17

মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।

গীত 145:3

যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।

1 বংশা 16:25

কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।

গীত 106:47

হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক উদ্ধাৰ কৰা, জাতিবোৰৰ মাজৰ পৰা তুমি আমাক একগোট কৰা, যাতে আমি তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ, যেন তোমাৰ প্ৰশংসাৰ জয়গান কৰোঁ।

যোহন 4:23

কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।

গীত 9:1-2

হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম। যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা। যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা। কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে। হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা। মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম! আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল। ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)। যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব। হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক। মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!

ইব্ৰী 13:15

এতেকে আহক, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ, তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক।

ইফিচীয়া 5:19

ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।

দ্বি.বি. 10:21

তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।

প্ৰকাশিত বাক্য 5:13

আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।

প্ৰকাশিত বাক্য 5:12

তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।

গীত 100:2

আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰা; আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহাঁ;

গীত 28:7

যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।

গীত 34:1

মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।

গীত 89:15

ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।

গীত 22:3

কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।

গীত 42:11

হে মোৰ প্রাণ, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেওঁ মোৰ সহায়, আৰু মোৰ ঈশ্বৰ।

যিহো 6:20

তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে।

যাত্ৰা 15:1

তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।

গীত 47:1-2

হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।

গীত 48:1

আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,

গীত 50:23

যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।

গীত 57:7-9

হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম। হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম। হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

গীত 63:3-4

কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব। এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।

গীত 66:1-2

হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা। কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা। তুমি আমাক জালেৰে মেৰিয়াই আনিলা; তুমি আমাৰ কঁকালত অতি গধূৰ বোজা দিছিলা। তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা। মই হোম-বলিৰে তোমাৰ গৃহলৈ আহিম; আমি তোমাৰ ওচৰত প্ৰতিজ্ঞা পূৰণ কৰিম। মুখে প্ৰকাশ কৰা মোৰ সঙ্কল্পবোৰ কৰোঁ, দুখৰ কালত মোৰ ওঁঠে উচ্চাৰণ কৰা কথা তোমালৈ সিদ্ধ কৰিম। মেৰ-ছাগ ছাগলী আৰু ধূপেৰে সৈতে, মই তোমাৰ উদ্দেশে হৃষ্টপুষ্ট হোম-বলি উৎসৰ্গ কৰিম; ছাগলীৰ সৈতে দামুৰিকো বলিদান উৎসর্গ কৰিম। [চেলা] হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ। মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল। যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন; কিন্তু সচাঁকৈয়ে ঈশ্বৰে শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনাৰ স্বৰলৈ কাণ পাতিলে। তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।

গীত 71:8

মোৰ মুখ তোমাৰ প্ৰশংসাৰেই পৰিপূৰ্ণ হ’ব, আৰু ওৰে দিনটো তোমাৰ গৌৰৱ ভৰি থাকিব।

গীত 92:1-2

যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম; কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা। মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ। ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব। তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই। ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;

গীত 96:1-2

তোমালোকে যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; হে সমগ্র পৃথিৱীৰ লোক, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গীত গোৱা। বিভিন্ন জাতিৰ মাজত তোমালোকে কোৱা, “যিহোৱা ৰজা। জগতখনক স্থিৰভাৱে স্থাপিত কৰা হ’ল; সেয়ে কেতিয়াও বিচলিত নহ’ব। তেওঁ ন্যায়েৰে লোকসকলৰ বিচাৰ কৰিব।” আকাশমণ্ডলে আনন্দ কৰক, পৃথিৱীয়ে উল্লাস কৰক; সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক। পথাৰ আৰু তাত থকা সকলো উল্লাসিত হওক; তেতিয়া অৰণ্যৰ সকলো বৃক্ষই আনন্দ গান কৰিব। যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব। যিহোৱাৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণৰ কথা প্ৰচাৰ কৰা।

গীত 100:4

তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা।

গীত 103:1-2

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা; হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। কিয়নো পৃথিৱীৰ পৰা আকাশ-মণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখোঁতাসকলৰ প্রতি তেওঁৰ দয়াও সিমান মহৎ। পূৱৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধো আমাৰ পৰা সিমান দূৰ কৰিলে। বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে যিহোৱাই তেওঁলৈ ভয় ৰাখোঁতাসকলক স্নেহ কৰে; কিয়নো তেৱেঁই আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে। মানুহৰ আয়ুস তৃণৰ নিচিনা; যেনেকৈ পথাৰৰ ফুল, তেনেকৈয়ে তেওঁ প্ৰফুল্লিত হয়। ফুলৰ ওপৰেদি বতাহ বলিলেই ফুল সৰি নাইকিয়া হয়; সেই স্থানেও তাক চিনি নাপায়। কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে। তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে। যিহোৱাই স্বৰ্গত নিজৰ সিংহাসন স্থাপন কৰিলে; তেওঁৰ শাসন সকলোৰে ওপৰত আছে। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।

গীত 105:1-2

যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা। তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে। তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য। সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল; তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল, তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল, “তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।” তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে। তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল। লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল। যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল। তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।

গীত 106:1

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।

গীত 113:3

সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।

গীত 115:1

হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।

গীত 117:1-2

হে সমুদায় জাতি, যিহোৱাৰ প্ৰশংসা কৰা; হে সমুদায় লোক, তেওঁৰ মহিমা কীর্তন কৰা। কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

গীত 118:24

এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।

গীত 119:164

তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।

গীত 138:1-2

হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম। তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।

গীত 145:1-3

হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম। হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব। তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব, যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে। তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী। যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে। সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া; তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা। যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান। যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ। যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে। মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম। যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব। মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব। যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।

গীত 146:1-2

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।

গীত 147:1

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।

গীত 150:1-6

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা; তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা। তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা। শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা। খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা; তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা। কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা; কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা। শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

যাত্ৰা 15:2

যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।

2 চমূ 22:50

এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।

1 বংশা 16:23-25

হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা। জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা। কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।

1 বংশা 16:34

যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।

1 বংশা 29:10-13

দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য। হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ। আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে। সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।

2 বংশা 5:13-14

তুৰীবাদক আৰু গায়কসকলে যিহোৱাৰ প্ৰশংসা আৰু ধন্যবাদ কৰোঁতে একেটা ধ্বনি কৰি সকলোৱে এজন মানুহে বজোৱাদি বজালে৷ তেওঁলোকে তুৰী ও তাল আদি বাদ্যেৰে সৈতে, মহা শব্দেৰে যিহোৱাৰ প্ৰশংসা কৰিলে, বোলে “কিয়নো যিহোৱা মঙ্গলময় সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷” তেতিয়া সেই গৃহ অৰ্থাৎ যিহোৱাৰ গৃহ মেঘেৰে পৰিপূৰ্ণ হ’ল৷ সেই মেঘৰ কাৰণে পুৰোহিতসকলে পৰিচৰ্যা কৰিবৰ অৰ্থে থিয় হ’ব নোৱাৰা হ’ল, কিয়নো ঈশ্বৰৰ গৃহ যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ আছিল।

2 বংশা 20:21-22

তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে। যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।

ইজ্ৰা 3:11

তেওঁলোকে যিহোৱাৰ উদ্দেশে গীত গায় ধন্যবাদ আৰু প্ৰশংসা-স্তুতি কৰি ক’লে, “তেওঁ মঙ্গলময়! ইস্ৰায়েললৈ তেওঁৰ দয়া চিৰকাললৈকে থাকে।” যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দেখি তেওঁলোকে আনন্দেৰে উচ্চধ্বনি কৰি যিহোৱাৰ প্ৰশংসা কৰিলে।

নহি 9:5-6

তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক। আপুনি এক মাত্র ঈশ্বৰ যিহোৱা, আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে, পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্ৰজন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে, আৰু স্বর্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে।

ইয়ো 1:21

“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”

যিচ 12:4-5

সেই দিনা তোমালোকে ক’বা, “যিহোৱাৰ ধন্যবাদ কৰা, আৰু তেওঁৰ নাম লোৱা; লোকসকলৰ মাজত তেওঁৰ কাৰ্যবোৰ প্ৰকাশ কৰা, তেওঁৰ নাম মহিমান্বিত বুলি ঘোষণা কৰা। যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহৎ কাৰ্য কৰিলে; সমগ্র পৃথিৱীত এই সকলো জানিবলৈ দিয়া হওক।

যিচ 25:1

হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।

যিচ 42:10

হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।

যিচ 61:3

চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।

যিচ 63:7

মই যিহোৱাৰ বিশ্বাসযোগ্য নিয়মৰ কাৰ্যবোৰ, আৰু প্রশংসনীয় কাৰ্যবোৰৰ বিষয়ে ক’ম; আৰু যিহোৱাই আমাৰ বাবে কৰা সকলো কাৰ্যৰ বিষয়ে ক’ম, আৰু ইস্রায়েলৰ বংশলৈ কৰা উপকাৰৰ বিষয়ে ক’ম। তেওঁৰ অনুগ্রহৰ কাৰণে এই সকলো দয়া আমাক দেখালে, আৰু বিশ্বসযোগ্য নিয়মেৰে বহু কাৰ্য কৰিলে।

যিৰি 20:13

তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা! যিহোৱাৰ প্ৰশংসা কৰা! কাৰণ তেওঁ দুৰাচাৰীবোৰৰ হাতৰ পৰা দৰিদ্ৰ লোকৰ প্ৰাণ উদ্ধাৰ কৰিলে।

হব 3:17-18

যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই, তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।

জখ 9:9

হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।

মথি 21:9

আৰু তেওঁৰ আগে-পাছে যোৱা লোক সকলে ৰিঙিয়াই ক’লে, “হোচানা! হোচানা! দায়ুদৰ বংশৰ সন্তান৷ যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য; উৰ্দ্ধলোকত জয়ধ্বনি হওক!”

মথি 21:16

তেতিয়া তেওঁলোকে যীচুক ক’লে, “লোক সকলে কি কৈছে তুমি শুনিছা নে?” যীচুৱে তেওঁলোকক ক’লে, “হয়! আপোনালোকে কেতিয়াও পঢ়া নাই নে, ‘তুমি শিশু আৰু কেচুৱাবোৰৰ মুখৰ পৰা স্তুতি সস্পূৰ্ণ কৰিলা’?”

মথি 26:30

পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ’ল।

মাৰ্ক 14:26

পাছত তেওঁলোকে গীত গাই গাই বাহিৰলৈ ওলাই আহি জৈতুন পৰ্বতলৈ গ’ল।

লূক 1:46-47

তেতিয়া মৰিয়মে ক’লে, “মোৰ প্ৰাণে প্ৰভুৰ মহিমা বর্ণাইছে, মোৰ আত্মাই মোৰ ত্ৰাণকর্তা ঈশ্বৰত উল্লাস কৰে।

লূক 2:13-14

তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে, “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”

লূক 19:37-38

পাছত তেওঁ যিৰূচালেমৰ ওচৰ আহি পাওঁতে জৈতুন পৰ্বতৰ পৰা নামি যোৱা ঠাইত, গোটেই শিষ্য সকলে, যি যি পৰাক্ৰম কাৰ্য দেখিছিল, তাৰ কাৰণে বৰ মাতেৰে ঈশ্বৰৰ স্তুতি কৰি আনন্দ কৰিবলৈ ধৰিলে, আৰু ক’লে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”

যোহন 4:23-24

কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”

পাঁচনি 2:46-47

তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে; আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।

পাঁচনি 16:25-26

তেতিয়া প্রায় মাজনিশা। পৌল আৰু চীলে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰি স্তুতি-গীত গাই আছিল। আন কয়দী সকলেও তেওঁলোকে গোৱা স্তুতি-গীত শুনি আছিল। এই সময়তে হঠাৎ এক বৰ ভূমিকম্প হ’ল আৰু বন্দীশালৰ ভেঁটি পর্যন্ত কঁপি উঠিল। তেতিয়া বন্দীশালৰ সকলো দুৱাৰ আৰু কয়দী সকলৰ শিকলিৰ বান্ধবোৰ খোল খাই গ’ল।

ৰোমীয়া 15:9

আৰু অনা-ইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ, এই বিষয়ে এনে ধৰণে লিখাও আছে, “এই কাৰণে মই অনা-ইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম; আৰু তোমাৰ নামেৰে গীতো গাম।”

1 কৰি 14:26

এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।

2 কৰি 1:3-4

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।

ইফিচীয়া 1:6

ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।

ইফিচীয়া 1:12

আমি যি সকলে আগেয়ে খ্ৰীষ্টত আশা ৰাখিছো, সেই সকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেই বাবেই তেওঁ আমাক মনোনীত কৰি ললে।

ইফিচীয়া 5:18-20

দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক; ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক। সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।

ফিলিপীয়া 1:11

নিবেদন কৰোঁ, আপোনালোক যেন ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ অৰ্থে, যীচু খ্ৰীষ্টৰ যোগেদি ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হয়।

ফিলিপীয়া 4:4

আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।

ফিলিপীয়া 4:8

শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।

কলচীয়া 1:12

আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷

কলচীয়া 3:16-17

খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।

1 থিচলনীকীয়া 5:16-18

সকলো সময়তে আনন্দত থাকক। নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক। সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।

1 তীমথিয় 1:17

এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন।

ইব্ৰী 2:12

যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”

ইব্ৰী 10:19-22

এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷ পৰা হ’লে, উ‌‌ৎসৰ্গ কৰা স্থগিত হ’লহেতেন নহয় নে? কিয়নো আৰাধনাকাৰী সকল এবাৰ শুচিকৃত হোৱা হ’লে, তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেতেন। তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷ আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত, সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,

ইব্ৰী 12:28

এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;

1 পিতৰ 1:3

ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;

1 পিতৰ 2:9

কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে

1 পিতৰ 4:11

যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।

1 পিতৰ 5:11

তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন।

2 পিতৰ 3:18

আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।

1 যোহন 3:1

ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও! এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷

যিহূদা 1:24-25

এতিয়া যি জনে আপোনালোকক বাধাৰ পৰা ধৰি ৰাখিবলৈ সমর্থ আৰু তেওঁৰ প্ৰতাপৰ আগত নিৰ্দোষীৰূপে অসীম আনন্দৰ সৈতে উপস্থিত কৰিবলৈও সমৰ্থ, তেৱেঁই একমাত্র ঈশ্বৰ, আমাৰ ত্ৰাণকর্তা; প্রভু যীচু খ্ৰীষ্টৰ দ্বাৰা তেওঁৰেই মহিমা, মহত্ব, অধিকাৰ আৰু ক্ষমতা, যুগৰ পূৰ্বতে আৰু এতিয়া আৰু চিৰকাললৈ হওক। আমেন।

প্ৰকাশিত বাক্য 1:6

তেওঁ আমাক ৰাজ্য স্বৰূপ, ঈশ্বৰৰ উদ্দেশ্যে পুৰোহিত কৰিলে আৰু তেওঁৰ পিতৃৰ প্রতি, তেওঁৰ মহিমা আৰু পৰাক্রম সদা-সর্বদায় হওক। তেওঁৰ মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।

প্ৰকাশিত বাক্য 5:12-13

তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”। আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।

প্ৰকাশিত বাক্য 11:17

তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।

প্ৰকাশিত বাক্য 12:10-11

তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল। তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।

প্ৰকাশিত বাক্য 15:3-4

সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷ আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”

প্ৰকাশিত বাক্য 19:1

এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্রাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷

প্ৰকাশিত বাক্য 19:5-6

তেতিয়া সিংহাসনৰ পৰা আৰু এটা মাত ওলাল, বোলে, “হে ঈশ্বৰৰ দাস সকল, হে তেওঁৰ ভয়কাৰী সকল, তোমালোক সৰু বৰ সকলোৱে আমাৰ ঈশ্বৰৰ স্তুতি কৰা৷” পাছত বৃহৎ এদল মানুহৰ মাতৰ নিচিনা, নিনাদিত কৰা পানীৰ মাতৰ নিচিনা আৰু ঘোৰ মেঘ-গৰ্জ্জনৰ মাতৰ দৰে এই বাণী শুনিলোঁ, “হাল্লিলুয়া! কিয়নো যি জন প্ৰভু আৰু পৰমেশ্বৰ, আমাৰ সকলোৰে শাসনকর্তা জনে, ৰাজত্ব গ্ৰহণ কৰিছে।

গীত 95:1-2

আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক। চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।” এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।” আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।

গীত 98:4-6

হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা।

গীত 144:9

হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

গীত 146:10

যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

2 বংশা 7:3

অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”

দানি 2:20

ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।

যোহন 12:13

তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”

গীত 149:1-3

তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা, ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক। তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।

গীত 149:6

তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;

ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা

হে সৰ্বশক্তিমান পৰমেশ্বৰ! মোৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেৱল আপুনিয়েই সকলো উচ্চ প্ৰশংসা আৰু উপাসনাৰ যোগ্য। হে পবিত্ৰ পিতা, আপোনাৰ ইচ্ছা যে আমাৰ পৰিস্থিতি বা পৰিৱেশ যিয়েই নহওঁক কিয়, আমাৰ হৃদয় কৃতজ্ঞতাৰে পৰিপূৰ্ণ হওক আৰু আমাৰ প্ৰশংসা অধিক তীব্ৰ হওক, কিয়নো তাতেই আপোনাৰ অলৌকিক শক্তি প্ৰকাশ পায় আৰু আশ্চৰ্যজনক ঘটনা ঘটে। নিশ্চিতভাৱে, য'ত প্ৰভুৰ আত্মা আছে, তাতেই মুক্তি, অলৌকিক কাৰ্য আৰু আৰোগ্য হয়, যেনেয়ে পৌল আৰু ছিলাৰ লগত হৈছিল, যিসকলে গান গাই থাকোঁতে এটা ভূমিকম্প হৈছিল আৰু কাৰাগাৰৰ ভেটি কঁপাইছিল, আৰু লগে লগে দুৱাৰবোৰ খোলা হৈছিল আৰু তেওঁলোকৰ শিকলি ভাঙি গৈছিল। হে পবিত্ৰ পিতা, মই আপোনাৰ শক্তিৰ সাক্ষী হ'ব বিচাৰোঁ, কেৱল দৰ্শক হৈ থাকিব নিবিচাৰোঁ। মোক বুজিবলৈ দিয়ক যে মোৰ চাৰিওফালে এনে লোক আছে যিসকল বন্দী, হতাশ, আৰু আপোনাৰ ইচ্ছা যে তেওঁলোকো সেই শক্তিৰে সংক্ৰমিত হওক, কিয়নো নিঃসন্দেহে আপোনাৰ প্ৰতি মোৰ প্ৰশংসাই সীমা অতিক্ৰম কৰে আৰু শত্ৰুৰ সকলো বন্ধন ভাঙিবলৈ এক শক্তিশালী অস্ত্ৰ। যীচুৰ নামত, আমেন।
আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন