1 হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু।
তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ কৰিম; তুমিয়েই মোৰ ঈশ্বৰ, মই তোমাৰ মহিমা কীর্তন কৰিম।
হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
তোমাৰ হাততেই মোৰ সকলো সময় আছে, মোৰ শত্রু আৰু তাড়নাকাৰীবোৰৰ হাতৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা; তুমি মোক শুনিবলৈ শ্ৰৱণ শক্তি দিলা; হোম-বলি আৰু পাপাৰ্থক বলি তুমি বিচাৰা নাই।
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
যেতিয়া নিৰুপিত সময় উপস্থিত হব; তেতিয়া মই ন্যায়েৰে বিচাৰ কৰিম।
তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে।
আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ।
যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
সেই দিনা তুমি ক’বা, “হে যিহোৱা, মই আপোনাৰ ধন্যবাদ কৰিম; কাৰণ যদিও আপুনি মোৰ ওপৰত ক্ৰোধ আছিল, তথাপিও আপোনাৰ ক্ৰোধ আঁতৰিল, আৰু আপুনি মোক শান্ত্বনা দিলে।
হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।
হে যিহোৱা, আপোনাৰ বিচাৰৰ পথত আমি আপোনালৈ অপেক্ষা কৰি আছোঁ; আপোনাৰ নাম আৰু আপোনাৰ স্মৃতিবোৰ আমাৰ আত্মাই হেপাহ কৰিছে।
যি জনা শিক্ষাত আশ্চৰ্য, আৰু প্রজ্ঞাত মহান, বাহিনীসকলৰ সেই যিহোৱাৰ পৰা এয়াও ওলাইছে।
মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
মই পূব দিশৰ পৰা এক হিংসুক চৰাইক, দূৰ দেশৰ পৰা মোৰ মনোনীত পুৰুষক মাতিম; হ’য় মই কলোঁ; মই তাক সিদ্ধ কৰিম; মোৰ উদ্দেশ্য আছে,মইয়ো কৰিম।
যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
আৰু এতিয়া যিহোৱাই কৈছে,মই নিজৰ ওচৰলৈ যাকোবক পুনৰায় আনিবৰ বাবে, আৰু ইস্ৰায়েলক তেওঁৰ ওচৰত গোট খুৱাবৰ অৰ্থে, তেওঁৰ দাস হ’বলৈ মোক জন্মৰ পৰাই গঠন কৰিলে, মই যিহোৱাৰ দৃষ্টিত মৰ্যদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বলস্বৰূপ।
মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তান সকলে কেতিয়াও পুনৰ লাজ নাপাব।
ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্রণা অনুসাৰে সকলো কার্য সাধন কৰে। তেওঁৰ পৰিকল্পনাৰ দৰে আগেয়ে যি যি স্থিৰ কৰি ৰাখিছিল, সেইদৰেই তেওঁ আমাক খ্রীষ্টত মনোনীত কৰি ললে।
সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷
তেতিয়া মই স্বৰ্গৰ দ্ৱাৰ মুকলি কৰা দেখিলোঁ; আৰু মই চাওতে তাত এটা বগা ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনক বিশ্বাসী আৰু সত্য বোলে; তেওঁ ধাৰ্মিকতাৰে সোধ-বিচাৰ আৰু যুদ্ধ কৰে।
আৰু ক’লে, “আমেন! প্ৰশংসা, মহিমা, জ্ঞান, ধন্যবাদ, সমাদৰ, পৰাক্ৰম আৰু শক্তি চিৰকাল আমাৰ ঈশ্বৰৰ প্ৰতি হওক! আমেন৷”