Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 কৰি 14:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

26 এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।

অধ্যায়টো চাওক কপি কৰক




1 কৰি 14:26
18 পৰস্পৰ সংযোগসমূহ  

ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।


এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।


এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।


মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।


আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।


এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।


আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।


কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।


ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে।


কোনোৱে যদি পৰভাষা কয়, তেনেহলে দুজন, বা তাতকৈ অধিক হ’লেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক।


হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷


যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷


আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্মত বৃদ্ধি কৰিবলৈ, তেওঁৰ ভাললৈ চাই, তেওঁক সন্তুষ্ট কৰক।


কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।


তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন