Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 12:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”

অধ্যায়টো চাওক কপি কৰক




যোহন 12:13
19 পৰস্পৰ সংযোগসমূহ  

সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷


এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল;


নথনেলে তেওঁক উত্তৰ দিলে, “ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!”


কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য, এই কথা নোকোৱালৈকে তুমি এতিয়াৰ পৰা পুনৰ মোক দেখিবলৈ নাপাবা।”


তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।


তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”


যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।


তেওঁৰ বস্ত্ৰত আৰু কৰঙণত, এই নাম লিখা আছে, “ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷”


ইস্ৰায়েলৰ ৰজাক, তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।


আৰু প্ৰথম দিনা তোমালোকে শুৱনি গছৰ গুটি, খাজুৰ গছৰ পাত, ঘন পতীয়া গছৰ ডাল আৰু জুৰিৰ পাৰত থকা বাইচি গছ লৈ তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত সাতদিন আনন্দ কৰিবা।


“তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”


“তেওঁ আন লোকক ৰক্ষা কৰিলে, কিন্তু নিজকে ৰক্ষা নকৰে কিয়৷ তেওঁ বোলে ইস্ৰায়েলৰ ৰজা; এতিয়া ক্ৰুচৰ পৰা নামকচোন; তেতিয়াহে আমি তেওঁক বিশ্বাস কৰিম।


তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন