21 “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।”
তেতিয়া ৰাহেললৈ যাকোবৰ অতিশয় খং উঠিল। তেওঁ ক’লে, “যিজনে তোমাক গৰ্ভফল নিদিয়াকৈ ৰাখিছে, মই সেই ঈশ্বৰ নেকি?”
কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে।
কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।
হিষ্কিয়াই তেতিয়া যিচয়াক ক’লে, “আপুনি যিহোৱাৰ যি কথা ক’লে, সেয়ে উত্তম।” তেওঁ এই কথা ক’লে, কাৰণ তেওঁ ভাৱিছিল, “মোৰ জীৱন কালত শান্তি আৰু নিৰাপদ হ’লে, সেয়ে জানো উত্তম নহ’ব?”
তাৰ পাছত লেবীয়া সকলৰ, যেচুৱা, কদ্মীয়েল, বানী, হচবনিয়া, চেৰেবিয়া, হোদিয়া, চবনিয়া আৰু পথহিয়াই ক’লে, আপোনালোক উঠক; আৰু অনাদি কালৰ পৰা অনন্ত কাললৈকে থকা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্ব্বাদযুক্ত হওক; আৰু সকলো আশীর্বাদ আৰু প্রশংসাতকৈ মৰ্য্যদাপূৰ্ণ হওক।
কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।
চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
মই সকলো সময়তে যিহোৱাৰ ধন্যবাদ কৰিম; তেওঁৰ প্ৰশংসা মোৰ মুখত থাকিব।
মোৰ প্ৰাণে যিহোৱাতেই গৌৰৱ কৰে; তাকে শুনি নম্ৰ লোকে আনন্দ কৰক।
মই মনে মনে আছোঁ; মুখ নেমেলিম; কিয়নো তুমিয়েই এই সকলো কষ্ট হ’বলৈ দিছা।
কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
এই হেতুকে পূব দিশত যিহোৱা গৌৰৱান্বিত হৈছে, আৰু সমুদ্ৰৰ দ্বীপবোৰত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম গৌৰৱাম্বিত হৈছে।
কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে?
মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?
নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে?
যিবোৰ মোৰ নিজৰ বস্তু, সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই? নে মই উত্তম কৰ্ম কৰা বাবে তোমালোকৰ চকু পুৰিছে?
তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
সদায় আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক।
সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷
তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।
তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”