চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
তোমালোকে তোমালোকৰ সমস্ত আয়ৰ দশমাংশ মোৰ গৃহত আহাৰ হ’বৰ কাৰণে ভঁৰাললৈ আনা। মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্ব্বাদ বৰ্ষাম নে নবৰ্ষাম, তাক জানিবলৈ তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা।” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে।
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
ডেকা সিংহবোৰৰ আহাৰৰ অভাৱ হয়, সিহঁতে ভোকত কষ্ট পায়: কিন্তু যিসকলে যিহোৱাক বিচাৰে, তেওঁলোকৰ মঙ্গলৰ অভাৱ নহয়।
আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব।
যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে। দয়ালু লোকৰ উন্নতি হয়, আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা।
কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
তুমি আমাৰ মূৰৰ ওপৰেদি অশ্বাৰোহীক চলাইছিলা, আমি অগ্নি আৰু জলৰ মাজেদি গতি কৰিছিলোঁ; কিন্তু তুমি আমাক বিস্তির্ণ ঠাইলৈ উলিয়াই আনিলা।
আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে যে, “যিহোৱাই পৃথিৱীত বৰষুণ নেপেলোৱালৈকে সেই বয়ামৰ আটাগুড়ি উদং নহ’ব আৰু সেই টেকেলিৰ তেলো শেষ নহ’ব।” তেতিয়া তাই গৈ এলিয়াৰ বাক্যৰ দৰেই কৰিলে আৰু তেতিয়াৰে পৰা এলিয়া, তাই আৰু তাইৰ ল’ৰাটিয়ে বহুদিনলৈকে খাবলৈ পালে। যিহোৱাৰ বাক্য অনুসাৰে এলিয়াৰ দ্ৱাৰাই কোৱা সেই কথাৰ দৰে সেই বয়ামৰ আটাগুড়ি উদং নহ’ল আৰু সেই টেকেলিৰ তেলৰো ওৰ নপৰিল।
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷
হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
তেনেকৈয়ে ঈশ্বৰে কোনো মানুহক ধন-সম্পত্তি দিয়ে আৰু সেইবোৰ ভোগ কৰিবলৈ দিয়ে; নিজৰ কাৰণে প্রাপ্যৰ অংশ পাবলৈ সমর্থৱান কৰে আৰু নিজৰ পৰিশ্রমত আনন্দ কৰিবলৈ দিয়ে; এই সকলোও ঈশ্বৰৰ এক দান।
যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।
বিশ্বাসী লোকে বহুতো আশীৰ্ব্বাদ পায়; কিন্তু যিজন শীঘ্রে ধনী হয়, সেই জনে দণ্ড নোপোৱাকৈ নাথাকে।
“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা। কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে, সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব। সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব। কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব; আৰু কাঁইটীয়া জাৰণিৰ পৰিবর্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব; আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ’ব, কেতিয়াও লুপ্ত নোহোৱা, অনন্ত কালৰ বাবে এক চিন হ’ব। যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব।
তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।” চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।” পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
সকলোবোৰ পাত্ৰ ভৰাৰ পাছত তেওঁ এজন পুতেকক ক’লে, “আন এটা পাত্ৰ লৈ আনা।” ল’ৰাজনে ক’লে, “আৰু একো পাত্ৰই বাকী নাই।” তেতিয়া তেল পৰা বন্ধ হৈ গ’ল। তাৰ পাছত মহিলাগৰাকীয়ে আহি ঈশ্বৰৰ লোকৰ আগত সকলোবোৰ কথা ক’লে; তেওঁ ক’লে, “যোৱা, সেই তেল বেচি তোমাৰ ধাৰ পৰিশোধ কৰা আৰু অৱশিষ্ট যি থাকিব, তাৰে তোমাৰ আৰু ল’ৰাহঁতৰ জীৱিকা চলাবা।”
পৃথিবীয়ে শ্রমৰ ফল উৎপন্ন কৰিলে; ঈশ্বৰে, আমাৰ ঈশ্বৰে, আমাক আশীৰ্ব্বাদ কৰিব। ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিব, আৰু পৃথিবীৰ সকলো সীমাই তেওঁলৈ ভয় ৰাখিব।
তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল। পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব।
লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
আপোনালোকে এনেদৰে জীৱন কটাওঁক যাতে বিশ্বাস নকৰা বাহিৰা লোকে আপোনালোকৰ সন্মানপূর্ণ উপযুক্ত আচাৰ-ব্যৱহাৰক মান্য কৰিব পাৰে আৰু এইদৰে আপোনালোকৰ যেন একোৰে অভাৱ নহয়।
যিহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূর্ব–পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল, আৰু ভুমিৰ ফলক প্রচুৰ ঐশ্বৰ্য্যশালী কৰিব।
চোৱা, মই এক নতুন কাৰ্য কৰিবলৈ উদ্যত; সেয়ে এতিয়া ঘটিব; তোমালোকে জানো তাক নাজানিবা? মই অৰণ্যৰ মাজত পথ, আৰু মৰুভূমিৰ মাজত নদীবোৰ উৎপন্ন কৰিম। তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব। বনৰীয়া জন্তুবোৰে, শিয়াল আৰু উট পক্ষীবোৰে মোক সন্মান কৰিব; কাৰণ মই আৰণ্যত পানী দিলোঁ, মৰুভূমিত নদী,
যি মানুহে ধন-ৰূপ ভাল পায়, তেওঁ কেতিয়াও ধন-ৰূপত তৃপ্ত নহয়; যি মানুহে অধিক ধন-সম্পত্তি বিচাৰে, তেওঁ আয়ত তৃপ্ত নহয়। ইও অসাৰ।
ইয়াৰ বাহিৰেও তুমি নোখোজা সেই ঐশ্বৰ্য্য আৰু সন্মান তোমাক দিলা। তোমাৰ সমস্ত জীৱন কালত ৰজাসকলৰ মাজত কোনো তোমাৰ তুল্য নহ’ব।
কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে। সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম। বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়। মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়। সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।
যি ঠাইত পোক আৰু মামৰে ক্ষয় কৰে, চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা; এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই। কিন্তু য’ত পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দিব নোৱাৰে, এনে স্বৰ্গত নিজৰ বাবে ধন সাঁচা। কিয়নো য’তে তোমালোকৰ ধন থাকিব, ত’তে তোমালোকৰ মনো হ’ব।
এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়; যি দৰে লিখাও আছে, “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল; কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।
কিয়নো যিহোৱাই চিয়োনক মনোনীত কৰিলে, তেওঁ নিজৰ আবাসৰ কাৰণে তাকে বিচাৰিলে; তেওঁ ক’লে, “এয়ে মোৰ চিৰকালৰ বিশ্ৰাম স্থান; মই এই স্থানতে বাস কৰিম, কিয়নো মই ইয়াকে ইচ্ছা কৰিলোঁ। মই চিয়োনৰ খাদ্য-বস্তুক অধিক আশীৰ্ব্বাদ কৰিম, মই ইয়াৰ দৰিদ্ৰ লোকসকলক আহাৰেৰে তৃপ্ত কৰিম,
যি জনে নিজৰ পুত্ৰকো মৰম নকৰি, আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে, সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে?
মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ। মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
তাতে ঢোঁৰা-কাউৰীবোৰে তেওঁৰ কাৰণে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত পিঠা আৰু মঙহ আনি দিছিল আৰু তেওঁ সেই জুৰিৰ পানী পান কৰিছিল।
খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব। কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
যিজন অলপ কথাত বিশ্বাসী তেওঁ অধিক কথাতো বিশ্বাসী; যিজন সৰুতকৈ সৰুত অধর্মি, তেওঁ অধিকতো অধর্মি৷ এই কাৰণে পার্থিৱ ধনত যদি অবিশ্বাসী হোৱা, তেনেহলে প্ৰকৃত ধনত আপোনাক কোনে বিশ্বাস কৰিব? যদি অন্য লোকৰ বিষয়ত বিশ্বাসী নহোৱা, তেনেহলে যি অাপোনাৰ নিজৰ তাক কেনেকৈ অাপোনাক দিব৷
নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
আমি নিজে নিজে মীমাংসা কৰিবলৈ নিজ গুণেৰেই যে যোগ্য হওঁ, এনে নহয়; কিন্তু আমাৰ সেই যোগ্যতা ঈশ্বৰৰ পৰাহে হয়৷
পাছত যীচুৱে তেওঁলোকক ক’লে, “মই যেতিয়া বিনা ধন, পাদুকা, মোনা আৰু জোলোঙাৰে, তোমালোকক পঠিয়াইছিলো, তেতিয়া তোমালোকৰ কোনো বস্তুৰ অভাৱ হৈছিল নে?” তেওঁলোকে ক’লে, “কোনো অভাৱ হোৱা নাছিল।”
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”।
পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়; কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে আৰু নম্ৰ হৃদয়েৰে খোৱা-বোৱা কৰিলে; আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোক সকলক তেওঁলোকৰ লগত লগ লগাই দিলে।
কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহা প্ৰেমেৰে আমাক প্ৰেম কৰিলে, তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই, খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে; অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে;
যীচুৱে সেই পাঁচটা পিঠা আৰু দুটা মাছ হাতত লৈ, স্বৰ্গলৈ চাই সেইবোৰক আশীৰ্বাদ কৰিলে আৰু লোক সকলৰ আগত বিলাই দিবলৈ, তেওঁ ভাঙি ভাঙি শিষ্য সকলক দিলে। তাতে তেওঁলোক সকলোৱে খাই তৃপ্ত হ’ল। পাছত সকলোৰে খোৱা শেষ হোৱাত বস্তুবোৰৰ ৰৈ যোৱা টুকুৰা বাৰটা পাচিত ভৰোৱা হ’ল।
এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়। তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।
ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
কিয়নো যাৰ আছে, তেওঁক অধিক দিয়া হ’ব, তাতে তেওঁৰ প্রচুৰ হব। কিন্তু যাৰ নাই, তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ’ব।
হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ। আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়।
তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা,তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব; আৰু তেওঁ ভুমিৰ পৰা অধিকপৰিমানে আহাৰ দিব।আৰু শষ্য প্রচুৰপৰিমানে হ’ব। সেই দিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব।
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
যি পুৰুষে যিহোৱাত নির্ভৰ কৰে, আৰু যি জনাৰ বিশ্বাস-ভুমি যিহোৱা, সেই পুৰুষ ধন্য। কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্ব্বাদ পাব। আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব। অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব। আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব। আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব; আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্চনা ভোগ কৰিব; তেতিয়া, আপোনালোকে চকুৰে যি দেখিব, তাৰ কাৰণেই আপোনালোক মানসিক বিকাৰগ্রস্ত হ’ব। যিহোৱাই আপোনালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে আপোনালোকক আক্রান্ত কৰিব। যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব। যিহোৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব, সেইসকলৰ মাজত আপোনালোক এক ত্রাস, প্রবাদ আৰু বিদ্ৰূপৰ বিষয় হ’ব। আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে; কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব। আপোনালোকে দ্ৰাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল’ব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব; কিয়নো পোকে তাক খাই পেলাব। আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ-ছাগ পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্ব্বাদ পাব। আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব; কিয়নো তাৰ ফল সৰি যাব। আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব। আপোনালোকৰ ভূমিৰ সকলো গছ-গছনি আৰু ফল জকে জাকে ফৰিঙে আহি ভোগ কৰিব। আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব। তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব; তেওঁলোক মূৰ হ’ব আৰু আপোনালোক নেগুৰ হ’ব। এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। আপোনালোক বিনষ্ট নোহোৱা পর্যন্ত এই সকলোবোৰে আপোনালোকৰ পাছ নেৰিব। এই শাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণ স্বৰূপে থাকিব। কাৰণ, আপোনালোক যেতিয়া ঐশ্বর্য্যৰে পূর্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ যিহোৱাৰ সেৱা নকৰিলে। এই কাৰণে, যি শত্ৰুবোৰক যিহোৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক, পিয়াহ, বস্ত্র আৰু দৰিদ্রতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ যুৱলি থৈ দিব। যিহোৱাই দূৰৈৰ পৰা, পৃথিৱীৰ শেষ সীমাৰ পৰা, এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব, যাৰ ভাষা অাপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰাইয়ে চিকাৰ ধৰাৰ দৰে সেই জাতি ছোঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব। আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্ব্বাদ পাব। সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব। আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব; শেষ পর্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য, নতুন দ্ৰাক্ষাৰস বা তেল, আপোনালোকৰ পশুবোৰৰ বা মেৰ-ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব। তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব। অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব। সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি এনেৰূপ নিষ্ঠুৰ হৈ উঠিব। নিজৰ যি সন্তানৰ মাংস তেওঁ খাব, তাৰ অলপো তেওঁ তেওঁলোকক নিদিব। কাৰণ, যেতিয়া আপোনালোকৰ শত্রুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত আপোনালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেই খিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব। আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব। সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক, এনেকি নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাচ-শূল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তানসকললৈও তেওঁ নিষ্ঠুৰ হ’ব; আপোনালোকক অৱৰোধ কৰাৰ সময়ত আপোনালোকৰ শত্রুসকলে যেতিয়া আপোনালোকক কষ্ট দিব, তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব। ‘আপোনালোকৰ ঈশ্বৰ যিহোৱা’ বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ, এই পুস্তকত যি সকলো নিয়ম লিখা আছে, সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে, তেন্তে যিহোৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰৰ ওপৰত ভয়ঙ্কৰ মহামাৰী আনিব; সেইবোৰ অনেক দিনলৈকে বর্তি থকা মহা-মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ’ব। ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্ব্বাদ পাব।
কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে। আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷ সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷
ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!
যিহোৱাই মোৰ প্ৰভুক অতিশয়ৰূপে আশীৰ্ব্বাদ কৰিছে আৰু এতিয়া এজন মহান ব্যক্তি। যিহোৱাই তেওঁক মেৰ-ছাগ, ছাগলী আৰু গৰুৰ জাক, ৰূপ আৰু সোণ, দাস-দাসী, উট, গাধ এই সকলো দিছে।
যি মানুহে দৰিদ্ৰক দান কৰে, তেওঁৰ অভাৱ নহয়; কিন্তু যি কোনোৱে তেওঁলোকলৈ চকু মুদে, তেওঁ অধিক শাও পায়।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাব ৰখা আছে। এই হেতুকে ভয় নকৰিবা; তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।
আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক। আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।
তেওঁৰ ধন্যবাদ কৰি তেওঁৰ দুৱাৰবোৰত প্রৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতাল কেইখনত সোমোৱা; তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা। কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
এই হেতুকে কি খাম? কি পান কৰিম? বা কি পিন্ধিম? এই বুলি চিন্তা নকৰিবা। কিয়নো অনা-ইহুদী সকলেও এইবোৰ বিচাৰে আৰু এইবোৰ যে তোমালোকৰো প্ৰয়োজন, এই বিষয়ে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা; তাতে এই সকলোবোৰ তোমালোকক দিয়া হ’ব।
কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
তোমাৰ কৰ্ম মই জানো৷ চোৱা, যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে, এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ৷ মই জানো যে, তোমাৰ অলপ শক্তি থকাতো মোৰ বাক্য পালন কৰি, মোৰ নাম অস্বীকাৰ নকৰিলা।