3 যিসকলে সত্যতাৰে কাৰ্য কৰে, যিহোৱাই তেওঁলোকক ভোকত থাকিব নিদিয়ে; কিন্তু তেওঁ দুষ্টবোৰৰ বাঞ্ছা পুৰ নকৰে।
সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’ সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।
তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।
দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়; কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।
কোনোৱে যদি বিধানৰ কথা শুনাৰ পৰা আঁতৰি থাকে, তেনেহ’লে তেওঁৰ প্ৰাৰ্থনাও ঘৃণিত হয়।
সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।