যিচ 32:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201915 ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব। অধ্যায়টো চাওক |
আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।