তোমাৰ হাতখন যিদিনা ভগৱানৰ হাতত তুমি তুলি দিলা, সেইদিনাৰ পৰাই তেওঁ তোমাক কেতিয়াও এৰি নিদিব। কিয়নো তেওঁ তোমাক অসীমভাৱে ভালপায়। তোমাৰ দিনটোৰ প্ৰতিটো মুহূৰ্ত তেওঁ দেখি আছে, তেওঁৰ প্ৰতি তোমাৰ কৰ্ম, তোমাৰ ত্যাগ, তোমাৰ সকলো তেওঁ জানে। সেয়েহে, তেওঁ প্ৰতিশ্ৰুতি দিছে যে তোমাৰ শেষ নিশ্বাসলৈকে, তোমাৰ লগত থাকিব। অসুখত, দুখত, আনকি মৃত্যুৰ সময়তো ভগৱান তোমাৰ কাষতে থাকে। তোমাৰ পিতৃ তোমাৰ লগত আছে, কিয়নো তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰে আৰু কেতিয়াও ভঙ্গ নকৰে। তোমাৰ জীৱনক তেওঁ আশীৰ্বাদ কৰিব আৰু তোমাৰ কঠিন সময়ত তেওঁৰ দয়া দেখুৱাব, এজন বিশ্বাসী ভক্ত হিচাপে তোমাৰ নিষ্ঠাক স্বীকাৰ কৰি।
প্ৰভুৱে তোমাক বিশ্ৰাম দিব আৰু তোমাৰ বাবে স্বৰ্গীয় বাসস্থান প্ৰস্তুত কৰিছে য'ত আৰু কোনো দুখ-কষ্ট নাথাকিব। তেওঁ তোমাৰ চকুৰ পানী মচি পেলাব আৰু পৃথিৱীত তোমাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ দিব, তোমাৰ নিঃশৰ্ত প্ৰেম আৰু সম্পূৰ্ণ আত্মসমৰ্পণৰ পুৰস্কাৰ দিব। সেয়েহে, তোমাৰ সামান্য বিশ্বস্ততাৰ বাবে, তোমাৰ অনন্ত পিতৃয়ে তোমাক প্ৰচুৰভাৱে পুৰস্কৃত কৰিব। ভৱিষ্যতক লৈ ভয় নকৰিবা, ভগৱানত বিশ্ৰাম লোৱা আৰু তেওঁত ভৰসা কৰা। তুমি লাজ পাবা নেলাগে, কিয়নো তেওঁ তোমাৰ জীৱনক উন্নত কৰিব। (মথি ২৫:২১)
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ! মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক প্ৰেম কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷
যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।
যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব; আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰা নে?”
তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা। ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ! দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব, তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব। তেওঁ কৈ জানো সিদ্ধ নকৰিব? তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?
হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ;
কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব। যদিও পলম হয়, তাৰ বাবে অপেক্ষা কৰা; কাৰণ সেয়া নিশ্চয় সিদ্ধ হ’ব, আৰু পলম নহব।
কিয়নো আমালৈ যিহোৱাৰ প্রেম অসীম, যিহোৱাৰ বিশ্ৱস্ততা অনন্তকাল স্থায়ী। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।
কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।
কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।
চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
কাৰণ ময়েই যিহোৱা! মই ক’ম আৰু মই কোৱা বাক্য সিদ্ধ হ’ব। তাক আৰু আগলৈ থোৱা নহ’ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম আৰু তাক সিদ্ধও কৰিম।
আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই! তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম। তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা। আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা। উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে। তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল। ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে। ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে। ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে। তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব। আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই। এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ। মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে। তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ’ল। ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।
কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে? প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব। তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ। কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, “তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।”
যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে; বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা। আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল। আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ। হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।
এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে। তেওঁলোকে যিহোৱাৰ ব্যৱস্থা মানি চলে আৰু তেওঁৰ আদেশবোৰ সোঁৱৰণ কৰি পালন কৰে।
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে; আৰু সেয়ে আমাৰ পৰা নহয়; কিন্তু সেয়া ঈশ্বৰৰহে এক দান। কোনেও যেন গর্ব কৰিব নোৱাৰে, সেয়ে কর্মৰ পৰাও নহয়।
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম। এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
“যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব। যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।
ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
চোৱা, মই তোমাৰ লগত আছোঁ; তুমি যি যি ঠাইলৈ যাবা, মই তোমাক ৰক্ষা কৰিম আৰু পুনৰায় মই তোমাক এই দেশলৈ ওলোটাই আনিম; কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁমানে, মই তোমাক ত্যাগ নকৰিম।”