4 তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।”
তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান।
চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।
মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। [চেলা]
“যিৰূচালেম, যিৰূচালেম, যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলক শিল দলিয়াই মাৰে, কিমান বাৰ মই তোমালোকৰ সন্তান সকলক একলগ কৰিবলৈ যত্ন কৰিলোঁ, কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবোৰক চপাই লবলৈ ইচ্ছা কৰিছিলোঁ, কিন্তু তুমি সন্মত নহলা।
আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।”