18 যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,
যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।
ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;
দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
কিন্তু হায় হায় কপটীয়া বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো মানুহবোৰৰ আগত আপোনালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছে; কাৰণ আপোনালোকে নিজেও নোসোমাই, আৰু সোমাবলৈ ধৰা সকলকো সোমাবলৈ নিদিয়ে।
তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”