ঈশ্বৰ সৰ্বোপৰি আৰু পূজনীয়, তেওঁ সকলো প্রশংসাৰ যোগ্য। তেওঁৰ উপস্থিতিত পাহাৰবোৰ কঁপি উঠে, আৰু কোনো বিদ্ৰোহীয়েই শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰে। চিৰন্তন ঈশ্বৰৰ নাম অটল; তেওঁৰ শক্তি অতুলনীয়।
গতিকে, তোমাৰ ভিতৰত যি বেয়া আছে, সেইবোৰ শুধৰা। যদি তোমাৰ হৃদয়ত দুষ্টতা আছে, তেন্তে ঈশ্বৰৰ ক্ষমা বিচাৰা, কিয়নো তেওঁ ন্যায়পৰায়ণ আৰু দয়ালু। তেওঁৰ বাক্য আৰু ইচ্ছাৰ বিৰোধিতা নকৰিবা, কিয়নো তেওঁৰ বিৰুদ্ধে কাম কৰি এই পৃথিৱীত তুমি সফল নহ'বা।
আজি তেওঁৰ লগত মিলন হোৱাৰ দিন, তোমাৰ হৃদয় মুকলি কৰি তেওঁৰ সন্মুখত নম্ৰ হোৱাৰ দিন, কিয়নো নম্ৰ হৃদয়ক তেওঁ কেতিয়াও অগ্রাহ্য নকৰে। তোমাৰ সকলো কামত তেওঁক স্বীকাৰ কৰা আৰু নিজকে জ্ঞানী বুলি নাভাবিবা, বৰং ঈশ্বৰত ভৰসা কৰা আৰু কোনো কথাতে গৰ্ব্ব নকৰিবা; অন্যথা, তোমাৰ আত্মা কলুষিত হ'ব আৰু তুমি তোমাক সৃষ্টি কৰা আৰু জীৱন দিয়া জনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবা।
ঈশ্বৰৰ পথ সিদ্ধ আৰু অনন্ত জীৱনলৈ লৈ যায়, আনহাতে মানুহৰ পথ কুটিল আৰু মৃত্যুলৈ লৈ যায়।
এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম। কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
“হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।
তোমালোকে যদি যিহোৱালৈ ভয় ৰাখি তেওঁৰ আৰাধনা কৰা, তেওঁৰ বাক্য পালন কৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ নকৰা, তেনেহলে তোমালোক তথা তোমালোকৰ ওপৰত ৰাজত্ব কৰা ৰজা উভয়ে ঈশ্বৰ যিহোৱাৰ অনুগামী হ’বা। কিন্তু যদি তোমালোকে যিহোৱাৰ বাক্য পালন নকৰা, যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰা, তেন্তে, যিহোৱাৰ হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃসকলৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ’ব।
“হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”
তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।
আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম।
কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে, তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে; আৰু যি সকলে প্ৰতিৰোধ কৰে, তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে।
তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
এইবোৰেই অপৰাধ কৰি যিহোৱাক অস্বীকাৰ কৰা, নিজৰ ঈশ্বৰৰ পাছত চলাৰ পৰা বিমুখ হোৱা, আমি অন্যায় দাবীৰ কথা কৈছিলোঁ আৰু পৃথকে ঘূৰিছিলোঁ, আৰু অন্তৰত মিছা কথা গৰ্ভধাৰণ কৰি তাক প্ৰসৱ কৰা।
দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব।
কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।
তেওঁ অনেকবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে; কিন্তু তেওঁলোক নিজৰ মন্ত্রণাতে বিদ্ৰোহী হ’ল; নিজৰ অপৰাধৰ কাৰণেই তেওঁলোক নীহ অৱস্থাত পৰিল।
যি সকলে নিজৰ কল্পনামতে কুপথত চলে, আৰু যি ভাল নহয় তেনে পথত চলে, এনে বিদ্ৰোহী লোকসকলকৰ আগত ওৰে দিনটো মই মোৰ হাত মেলিলোঁ।
তাৰ পাছত তেওঁলোক অবাধ্য হ’ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদী সকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে, আৰু নিন্দা কৰিলে।
কিন্তু আপোনালোকে সেই দেশ আক্রমণ কৰিবলৈ অস্বীকাৰ কৰিছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰিছিল। আপোনালোকে আপোনালোকৰ তম্বুত আপত্তি দর্শাই কৈছিল, “যিহোৱাই আমাক ঘৃণা কৰে। সেয়ে তেওঁ আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিছিল যাতে ইমোৰীয়াসকলৰ শক্তিৰ দ্বাৰা আমি পৰাজিত হৈ সম্পূর্ণ বিনষ্ট হওঁ।
হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ। কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।
কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?
জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
তেন্তে কিয় যিৰূচালেমৰ এই জাতিয়ে বাট এৰি নিত্যে বিপথগামী হৈ থাকে? তেওঁলোকে প্ৰতাৰণাত লাগি থাকি উলটি আহিবলৈ অমান্তি হয়।
কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।
গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে। সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।
তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল। তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্ৰোহী।
তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
তেতিয়া মই কলোঁ, মই তেওঁলোকৰ ওপৰত মোৰ ক্রোধ বাকি দিবলৈ আৰু তেওঁলোকক মৰুপ্ৰান্তত মোৰ খঙত মই শেষ কৰিবলৈ বিচাৰিলো।
তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই। এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা।
মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”
যিহোৱাই কৈছে, ‘কাৰণ এই, মই তেওঁলোকৰ আগত স্থাপৰ কৰা মোৰ ব্যৱস্থা তেওঁলোকে ত্যাগ কৰিলে, আৰু মোৰ বাক্যলৈ কাণ নিদিলে, বা তাত নচলিলে। কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।
মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চূফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
তোমালোকৰ পূর্ব-পুৰুষসকলৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছা, সেইবোৰ পালন কৰা নাই। মোৰ ওচৰলৈ ঘূৰি আহাঁ আৰু ময়ো তোমালোকৰ কাষলৈ ঘূৰি আহিম; কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ ঘূৰি আহিম?’
যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা। কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা। তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, আৰু যেতিয়া তোমালোকলৈ সন্ত্রাস আহিব, তেতিয়া মই ঠাট্টা কৰিম।
যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।
তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে। এনে কি তেওঁলোকে বাহিনীসকলৰ যিহোৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰদৰে টান কৰিলে; এই কাৰণে বাহিনীসকলৰ যিহোৱাৰ মহাক্ৰোধ হ’ল।
এই হেতুকে জুইৰ জিভাই যেনেকৈ নৰা গ্ৰাস কৰে আৰু অগ্নিশিখাত যেনেকৈ শুকান ঘাঁহ ভষ্ম হৈ যায়, সেয়ে তেওঁলোকৰ ভিত্তিমূল পচিব, আৰু তেওঁলোকৰ ফুলবোৰ ধুলিৰ দ্বৰে উড়ি যাব; কাৰণ তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰৰ বাক্য তুচ্ছ জ্ঞান কৰিলে।
তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য নকৰিবা।’ কিন্তু তেওঁলোকে নুশুনিলে; আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ, ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে।
কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয়-দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰেম কৰাতকৈ বৰং সুখ প্ৰিয় হব৷
আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।
কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”
কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল। নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল; আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়। সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে; কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব।
আৰু তাতে তেওঁ যিহূদাৰ পৰা অহা ঈশ্বৰৰ লোকজনৰ আগত ঘোষণা কৰি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি যিহোৱাৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা আৰু তোমাৰ ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা পালন নকৰিলা, আৰু তোমাক অন্ন ভোজন আৰু জল পান নকৰিবা বুলি তেওঁ যি ঠাইৰ বিষয়ে তোমাক কৈছিল, তুমি ঘূৰি আহি সেই ঠাইতে অন্ন ভোজন আৰু জল পান কৰিলা, এই কাৰণে তোমাৰ মৃতদেহটোক তোমাৰ পৈতৃক মৈদামত মৈদাম দিয়া নহ’ব।”
যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।”
পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’
পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷”
হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।
মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
আৰু যিহোৱাই কৈছে, তোমালোকে এইবোৰ কাৰ্য কৰিলা, আৰু মই অতি ৰাতিপুৱাতে উঠি তোমালোকক এই কথা কওঁতেও তোমালোকে নুশুনিলা আৰু মই মাতোতে তোমালোকে উত্তৰ নিদিলা।
যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত, বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।
তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলোঁ; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ; কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল।
“মই তোমালোকৰ নগৰবোৰত আহাৰ নিদি তোমালোকৰ দাঁত পৰিস্কাৰ কৰি ৰাখিলোঁ আৰু তোমালোকৰ সকলো ঠাইত অন্নৰ অভাৱ কৰিলোঁ; তথাপি, তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে। “শস্য দাবলৈ তিনি মাহ থাকোঁতেই মই তোমালোকৰ ওপৰত বৰষুণ পৰা বন্ধ কৰি দিলোঁ; এখন নগৰৰ ওপৰত বৰষুণ বৰষালোঁ আৰু আনখনত বৰষুণ বন্ধ কৰিলোঁ। এডোখৰ ভুমিয়ে বৰষুণ পালে আৰু আন এডোখৰে বৰষুণ নোপোৱাত শুকাই গ’ল। পানী খাবৰ কাৰণে দুই তিনিখন নগৰৰ লোকসকলে ঢলং পলং কৰি আন নগৰলৈ গ’ল, কিন্তু যথেষ্ট পানী নাপালে। তথাপিও তোমালোক মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”
“ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”
জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।
তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
যিহোৱাই এই কথা কৈছে: “যিহূদাৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম। কিয়নো তেওঁলোকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে; তেওঁৰ বিধিবোৰ পালন নকৰিলে; তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি মিথ্যা দেৱতাবোৰৰ পাছত চলিছিল, তেওঁলোকো সেইদৰে বিপথে গ’ল।