9 গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইস্রায়েলীয়াসকল ভ্রষ্টতাৰ মাজত ডুব গ’ল। ঈশ্বৰে তেওঁলোকৰ অধর্মৰ কথা সোঁৱৰণ কৰিব; তেওঁলোকৰ পাপ কার্যৰ প্ৰতিকাৰ সাধিব।
যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; পাপৰ মাজতেই তোমালোক থাকি গ’লা; গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?
সেই সময়ত এজন প্রাপ্তবয়স্ক মানুহে পথাৰত কাম কৰি সন্ধিয়া পৰত ঘৰলৈ উভতি আহি আছিল, সেইজন লোক ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ আছিল আৰু তেওঁ গিবিয়াত প্ৰবাস কৰিছিল; কিন্তু নগৰৰ লোকসকল হ’লে বিন্যামীনীয়া লোক আছিল।
যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।
হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ’ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লঙ্ঘন কৰিলে, বিধি পৰিবৰ্তন কৰিলে, আৰু চিৰস্থায়ী নিয়ম ভঙ্গ কৰিলে।
কিন্তু তাৰ গৰাকীয়ে তাক ক’লে, “যি নগৰ ইস্ৰায়েলৰ সন্তান সকলৰ নহয়, এনে ভীন্ন দেশীয় লোকৰ নগৰত আমি নোসোমাও; আমি আগবাঢ়ি গিবিয়ালৈ যাওঁহক।”
তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।
যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।” এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।
তোমালোকে গিবিয়াত শিঙা বজোৱা, ৰামাত তুৰী বজোৱা। বৈৎ-আবনত যুদ্ধৰ উচ্চধ্বনি কৰি কোৱা, হে বিন্যামীন, “তোমাৰ পাছ ফালৰ শত্রুলৈ চোৱা!’
কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফ্ৰয়িমৰ প্ৰহৰী হ’লেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান্দ; ঈশ্বৰৰ গৃহত তেওঁৰ বিপক্ষে থাকে শত্ৰুতা।
মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ লোকসকলৰ ওচৰলৈ বেগাই যোৱা; কাৰণ যি লোকসকলক তুমি মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোকে নিজেই নিজকে ভ্ৰষ্ট কৰিছে।
এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”
হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!