Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 23:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’

অধ্যায়টো চাওক কপি কৰক




যিৰি 23:17
34 পৰস্পৰ সংযোগসমূহ  

এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’


তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খুচামোদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।


ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”


এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।


কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”


তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।


সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।


তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”


তেওঁলোকে মোক অস্বীকাৰ কৰিলে। আৰু ক’লে, ‘এওঁ আচল নহয়। আমালৈ অমঙ্গল নঘটিব, আমি তৰোৱাল কি আকাল নেদেখিম।


যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।


কিন্তু তেওঁলোকে নুশুনি কাণ নাপাতি নিজৰ মন্ত্ৰণা আৰু দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে আৰু আগ নাবাঢ়ি পাছ হুহঁকিল।


যেতিয়া কোনো শান্তি নাই, তেতিয়া তেওঁলোকে শান্তি শান্তি বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।


কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।


তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।


শান্তি নোহোৱাকৈয়ে তেওঁলোকে ‘শান্তি!’ বুলি কৈ মোৰ প্ৰজাসকলক ভুলায় আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া তেওঁলোকে তাক চূণেৰে লিপে।


মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাসকলৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাসকলৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাসকলৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ কাৰণে মোৰ প্ৰজাসকলৰ মাজত মোক অপবিত্ৰ কৰিলা।


মই দুখ নিদিয়া ধাৰ্মিকসকলৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ কাৰণে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,


মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব।


মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।


তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;


ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।


সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।


কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’


সম্পূৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগ্ৰাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে, ‘আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ’?”


যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”


সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।


এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।


এতেকে যি জনে এই শিক্ষা অগ্ৰাহ্য কৰে, তেওঁ মানুহক নহয়, কিন্তু যিজনে তেওঁৰ পবিত্ৰ আত্মা আপোনালোকক দান কৰিলে, সেই ঈশ্বৰকেই অগ্ৰাহ্য কৰে।


সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন