Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 20:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

38 আৰু মই বিদ্ৰোহীহঁতক আৰু মোৰ অহিতে সত্যলঙ্ঘন কৰাসকলক জাৰি তোমালোকৰ মাজৰ পৰা দূৰ কৰিম; তেওঁলোকে প্ৰবাস কৰা দেশৰ পৰা মই তেওঁলোকক উলিয়াম, কিন্তু তেওঁলোক ইস্ৰায়েল দেশত নোসোমাব তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা!”

অধ্যায়টো চাওক কপি কৰক




যিহি 20:38
26 পৰস্পৰ সংযোগসমূহ  

ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।


এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”


এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”


তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”


কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”


“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!


কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।


কাৰণ তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, মোৰ বিধিমতে নচলিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে; কিয়নো তেওঁলোকৰ মন তেওঁলোকৰ প্রতিমাবোৰৰ পাছত চলি আছিল।


পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।


তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।


তেওঁ ৰূপ পৰিস্কাৰ আৰু বিশুদ্ধ কৰা লোকৰ দৰে বিচাৰ কৰিবলৈ বহিব। তেওঁ লেবীৰ সন্তান সকলক শুচি কৰিব; সোণ আৰু ৰূপৰ দৰে তেওঁলোকক বিশুদ্ধ কৰিব। পাছত তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে ধাৰ্মিকতাৰ নৈবেদ্য উৎসৰ্গ কৰিব।


তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”


তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল।


আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল।


এতেকে, কিছুমান লোকৰ প্রৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্রাম আছুতীয়াকৈ ৰখা আছে আৰু ঈশ্বৰৰ বিশ্রামৰ শুভবার্তা যি ইস্ৰায়েলী লোক সকলে প্রথমে শুনিছিল, তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্রামত প্রৱেশ কৰিব নোৱাৰিলে।


কিন্তু এই বিষয়ে আপোনালোকে সকলো কথা জানিলেও, আপোনালোকক সোঁৱৰাব খোজো যে, প্ৰভুৱে মিচৰ দেশৰ পৰা তেওঁৰ লোক সকলক উদ্ধাৰ কৰি উলিয়াই অনাৰ সময়ত যি সকলে বিশ্বাস নকৰিলে, তেওঁ সেই লোক সকলক বিনষ্ট কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন