ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)
তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
এনে কি, মই মৃত্যুছায়াৰ উপত্যকায়েদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠিয়ে মোক শান্তনা দিয়ে।
আমি জানো যে, যি সকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে।যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
তুমি যেতিয়া পানীৰ মাজেদি পাৰ হ’লে, মই তোমাৰ লগত থাকিম, আৰু নদীবোৰৰ মাজেদি গ’লে সেইবোৰে তোমাক প্লাবিত নকৰিব; যেতিয়া তুমি জুইৰ মাজেদি খোজ কাঢ়িবা তুমি দগ্ধ নহ’বা, নাইবা তাৰ শিখাই তোমাক অনিষ্ট নকৰিব।
যিহোৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ; মই কাক ভয় কৰিম? যিহোৱা মোৰ জীৱন ৰক্ষক কোঁঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হম?
ধাৰ্মিকসকলৰ পৰিত্ৰাণ যিহোৱাৰ পৰা আহে; সঙ্কটৰ কালত তেৱেঁই তেওঁলোকৰ আশ্ৰয়।যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।যিহোৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে; দুষ্ট লোকসকলৰ হাতৰ পৰা তেৱেঁই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্রাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতে আশ্ৰয় লৈছে।
মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব?যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
যাৰ মনে আপোনাত নিৰ্ভয় কৰে, আপুনি তেওঁক সম্পূৰ্ণ শান্তিত ৰাখিব; কিয়নো তেওঁ আপোনাত ভাৰসা কৰিছে।তোমালোকে চিৰকাললৈকে যিহোৱাত ভাৰসা কৰা; কিয়নো যিহোৱা চিৰস্থায়ী শিলা।
এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম,ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
যি জনে আপোনালোকত সৎকৰ্ম আৰম্ভ কৰিলে, সেই জনে যীচু খ্ৰীষ্টৰ আগমণৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰিলোঁ৷
যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰেসেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হ’ব, তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ।
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে, তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়।
চোৱা, ঈশ্বৰ মোৰ পৰিত্ৰাণকৰ্ত্তা, মই তেওঁত ভাৰসা কৰিম, আৰু ভয় নকৰিম; কাৰণ যিহোৱা, হয়, যিহোৱাই মোৰ শক্তি আৰু মোৰ গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল।”
মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।
সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
হে যিহোৱা আমাক দয়া কৰক; আমি আপোনালৈ বাট চাই আছোঁ; প্ৰতি ৰাতিপুৱাতে আপুনি আমাৰ বাহুস্বৰূপ হয়, সঙ্কটৰ সময়ত আপুনি আমাৰ পৰিত্ৰাণকৰ্ত্তা হয়।
তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।
এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে।
যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
ঈশ্বৰৰ আমন্ত্রণৰ যি আশা আৰু মনোনীত পবিত্র লোক সকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন, তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়;লগতে ঈশ্বৰৰ শক্তিৰ কার্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি, আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিয়ে কার্য কৰিছে, সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে।
যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
কিয়নো ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছিল, “মোলৈ ঘূৰি আহিলে আৰু বিশ্রাম ল’লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱতাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ’ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা।
এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম;অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ’ল৷কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু য’ত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়।তথাপি যি সকলে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল; সেই আদম আহিবলগীয়া জনৰ প্ৰতিৰূপ আছিল। কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ’ল, তেনেহলে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান, সেয়ে যীচু খ্ৰীষ্টত অনেকলৈ উপচি পৰিল। পাপ কৰা এজনৰ দ্বাৰাই যেনে হ’ল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ’ল; কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল।কাৰণ এজনৰ অপৰাধত যদি, এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেই জন যীচু খ্ৰীষ্ট।এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ’ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল।কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
তথাপি মই সদায় তোমাৰ লগতে আছোঁ; তুমি মোৰ সোঁ হাত খনত ধৰি ৰাখিলা।তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।
ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”
ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।
তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
যিহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহব।তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়।
হে যিহোৱা, আপুনি আমালৈ শান্তি নিৰূপন কৰিব; কিয়নো আপুনি আমাৰ বাবে সকলো কাৰ্যকেই সিদ্ধ কৰি আহিছে।
তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব।ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
কিয়নো, খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখ ভোগ কৰিবলৈকো, আপোনালোকক তেওঁৰ কাৰণে অনুগ্ৰহ দান কৰা হ’ল,
মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ কাণ পাতি মোৰ কাতৰোক্তি শুনিলে।তোমাৰ উদ্ধাৰৰ সহায়ৰ কথা মই মোৰ হৃদয়ত লুকুৱাই ৰখা নাই; তোমাৰ বিশ্বস্ততা আৰু পৰিত্ৰাণৰ কথা মই প্ৰচাৰ কৰিলোঁ; তোমাৰ দয়া আৰু সত্যতা মই মহাসমাজৰ পৰা গুপুতে ৰখা নাই।হে যিহোৱা, তুমি মোৰ পৰা তোমাৰ দয়া ধৰি নাৰাখিবা; তোমাৰ প্রেম আৰু বিশ্বস্ততাই মোক সদায় ৰক্ষা কৰক।কিয়নো অসংখ্য বিপদে মোক বেৰি ধৰিছে; মোৰ অপৰাধবোৰে মোক খেদি অতর্কিতে ধৰিছে; মই অপৰাধবোৰ দেখা নোপোৱা হ’লো; সেইবোৰ মোৰ মূৰৰ চুলিতকৈয়ো অধিক হ’ল; মোৰ সাহস নোহোৱা হৈছে।হে যিহোৱা, মোক উদ্ধাৰ কৰিবলৈ ইচ্ছুক হোৱা; হে যিহোৱা, মোক সহায় কৰিবলৈ খৰ কৰা।যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।যিসকলে মোক দেখি কয়, “ভাল হৈছে, ভাল হৈছে,” তেওঁলোকে নিজে লাজ পাই হতভম্ব হওঁক।কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।”কিন্তু মই হলে দুখী আৰু দৰিদ্ৰ; তথাপি মোৰ বাবে যিহোৱাই চিন্তা কৰে, হে মোৰ ঈশ্বৰ, তুমি পলম নকৰিবা; তুমিয়েইতো মোৰ সহায়, আৰু উদ্ধাৰকর্তা।তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।
হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক। কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে। এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্ট। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক।কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে।আমি যদি সন্তান হওঁ, তেনেহলে উত্তৰাধিকাৰীও হওঁ। খ্ৰীষ্টে সৈতে মহিমান্বিত হ’বলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ, তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ।
যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।
এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?আকাশৰ চৰাইবোৰলৈ চোৱা; সেইবোৰে নবয়, নাদায়, আৰু ভঁৰালত নচপায়; তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱা নে?আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?
কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
এতিয়া যি জন ধৈৰ্য আৰু সান্ত্বনাৰ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব।মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব।
কিন্তু ধাৰ্মিকতাৰ কাৰণে যদিও দুখভোগ কৰিব লগা হয়, তথাপি আপোনালোক ধন্য; কিন্তু তেওঁলোকৰ ভয়ত ভয়াতুৰ নহ’ব আৰু ব্যাকুল নহ’ব৷
মোলৈ কাণ পাতা, মোক শীঘ্ৰে উদ্ধাৰ কৰা; মোক ৰক্ষা কৰিবলৈ তুমিয়েই মোৰ আশ্রয়-শিলা হোৱা, মোৰ দৃঢ় কোঁঠ হোৱা।তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।যিহোৱা ধন্য হওঁক; যেতিয়া মই ঘেৰি থকা এখন নগৰৰ মাজত আছিলোঁ, তেওঁ মোলৈ আশ্চর্যজনক ভাৱে তেওঁৰ গভীৰ প্রেম দেখুৱালে।মই আতঙ্কিত হৈ যদিও কৈছিলোঁ, “তোমাৰ দৃষ্টিৰ পৰা মই বিছিন্ন হৈ পৰিলো”; তথাপিও মই তোমাৰ আগত সহায়ৰ বাবে কাতৰোক্তি কৰাত, তুমি মোৰ কাকুতি শুনিলা।হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।তোমালোক যিসকলে যিহোৱালৈ অপেক্ষা কৰা, তোমালোক বলৱন্ত হোৱা, তোমালোকৰ হৃদয় সাহিয়াল হওঁক।তুমি মোৰ শিলা, আৰু মোৰ দুৰ্গ; এই হেতুকে তোমাৰ নামৰ কাৰণে তুমি মোৰ পথ-দৰ্শক হৈ মোক চলাই নিবা।
এয়ে মোৰ আকাংক্ষা আৰু আশা সিদ্ধ হ’ব যে, মই কোনোমতে লজ্জিত নহম৷ কিন্তু সাহসেৰে যেনেকৈ সদায়, তেনেকৈ এতিয়াও জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰায়েই হওক, মোৰ শৰীৰত খ্ৰীষ্ট মহিমান্বিত হ’ব।কিয়নো মোৰ পক্ষে জীয়াই থকা হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ।
ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
হে অনা-ইহুদী সকল, আপোনালোক এতিয়াৰ পৰা পুনৰ অতিথি বা বিদেশী নহয়; কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ-নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে।এইবোৰৰ সৈতে আপোনালোকে জীৱন-যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ, অবাধ্যতাৰ সন্তান সকলৰ জীৱনত কার্য কৰি থকা অশুচি আত্মাৰ দৰে চলি আছিল।এইবোৰৰ ভিত্তিমূল পাঁচনি আৰু ভাৱবাদী সকল; খ্ৰীষ্ট যীচু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্রধান শিল আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঁথা হৈ আছে।যীচুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ, প্রভুৰ কাৰণে এক পবিত্ৰ গৃহ স্বৰূপে বৃদ্ধি পাইছে৷তেওঁতেই আপোনালোক একেলগে গঁথা হৈ, আত্মাত ঈশ্বৰৰ এক আবাস ৰূপে গঢ়ি উঠিছে।
খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰে নে?এই বিষয়ে লিখাও আছে, “আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।”তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম,ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।
মই, ময়েই যিজনে তোমালোকক শান্ত্বনা দিওঁ; তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ’ব, মানুহৰ পুত্রৰ,কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে?
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।
বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় দান কৰিলে।তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ সহভাগী হ’ব পাৰে।