অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লূক 5:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”

অধ্যায়টো চাওক



লূক 5:14
12 পৰস্পৰ সংযোগসমূহ  

“যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে, বা চোকোৰা বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁক হাৰোণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ’ব।


কোনো বস্ত্ৰত, বস্ত্ৰ বা ছালত, বা দীঘ সুতাত বা বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠৰোগ দাগ, তাক পুৰোহিতক দেখুউৱা যাব।


মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।


যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগতকৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।


তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’


সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”


যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।


কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”


তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।


তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।


আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”