Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 9:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”

অধ্যায়টো চাওক কপি কৰক




মথি 9:30
13 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”


তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’


তাতে তাইৰ মাক-দেউতাকে বিস্ময় মানিলে; কিন্তু এই ঘটনাৰ কথা কাকো নকবলৈ তেওঁ তেওঁলোকক আদেশ দিলে।


পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।


পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”


যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগতকৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।


চোৱা, মোৰ দাসবোৰে জ্ঞানেৰে কাৰ্য কৰিব আৰু কৃতকার্য হ’ব; তেওঁ উচ্চস্থানত আৰু উন্নীত হ’ব; তেওঁ অধিক মর্যদাপূর্ণ হ’ব।


অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ।


তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,


যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;


যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।


কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন