Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লূক 5:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।

অধ্যায়টো চাওক কপি কৰক




লূক 5:13
15 পৰস্পৰ সংযোগসমূহ  

ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।


তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।


ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”


তেতিয়া নামানে ঈশ্বৰৰ লোকৰ কথা অনুসাৰে যৰ্দ্দন নদীত নামি গৈ সাত বাৰ ডুব মাৰিলে আৰু তেতিয়াই তেওঁৰ দেহ পূর্বৰ দৰে শুচি হ’ল। একেবাৰে সৰু ল’ৰাৰ দৰে তেওঁৰ গাৰ ছাল পৰিস্কাৰ হ’ল।


কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।


মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।


যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম, মই বিনা চর্তেই তেওঁলোকক প্ৰেম কৰিম; কিয়নো মোৰ ক্ৰোধ তেওঁলোকৰ ওপৰৰ পৰা আঁতৰি গ’ল।


যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।


তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।


এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”


তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উ‌‌ৎসৰ্গ কৰাগৈ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন