5 আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”
যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
তাতে তেওঁলোকে ভৰিৰ ধুলি সিহঁতৰ অহিতে জোকাৰি পেলাই, ইকনিয় নগৰলৈ গ’ল৷
কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”
তাৰ পাছত তেওঁলোকক ক’লে, “যি কোনোৱে এই ল’ৰা জনক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকে গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকো গ্ৰহণ কৰে৷ কিয়নো তোমালোকৰ সকলোৰে মাজত যি জন আটাইতকৈ সৰু সেই জনেই মহান।”
মই মোৰ কাপোৰৰ ভাজ জোকাৰি ক’লো, “সেয়ে যি কোনোৱে এই প্রতিজ্ঞা পালন নকৰে, ঈশ্ৱৰে তেওঁক তেওঁৰ ঘৰৰ আৰু অধিকাৰৰ পৰা এইদৰেই জোকাৰি পেলাওক। সেয়ে তেওঁক জোকৰা হওক আৰু উদং কৰা হওক।” গোটেই সমাজে ক’লে, “আমেন,” আৰু তেওঁলোকে যিহোৱাৰ প্ৰশংসা কৰিলে। লোকসকলে তেওঁলোকে কৰা প্রতিজ্ঞাৰ দৰেই কাৰ্য কৰিলে।
তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসৰ্গ কৰাগৈ।”
মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।
আৰু তোমালোকে যি ঘৰত সোমোৱা, তাতে থাকিবা আৰু তাৰ পৰাই ওলাই যাবা।