যিৰি 33:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম। |
সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।
তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।
মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম,” কিয়নো যিহোৱাই চিয়োনত বাস কৰিছে।
কিয়নো সেই দিনা তোমালোকক শুচি কৰিবৰ অৰ্থে তোমালোকক প্ৰায়শ্চিত্ত কৰা হ’ব; আৰু তোমালোক সকলোৱেই পাপৰ পৰা যিহোৱাৰ সাক্ষাতে শুচি হ’বা।
“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,