4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।
হে যিহোৱা, মোৰ অপৰাধ অতি গুৰুতৰ; তোমাৰ নামৰ গুণেৰেই মোৰ অপৰাধ ক্ষমা কৰা।
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই।
সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে।
কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত, তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ; তেওঁৰ উপচি পৰা অনুগ্রহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ।
তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”