Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 36:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।

অধ্যায়টো চাওক কপি কৰক




যিহি 36:33
11 পৰস্পৰ সংযোগসমূহ  

আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।


তোমাৰ বংশৰ কিছুলোকে বহু দিনৰ পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; আৰু তুমি অনেক প্রজন্মৰ উচ্ছন্ন হোৱা ভিত্তিমূল স্থাপন কৰিবা; তুমি দেৱাল মেৰামতকাৰী বুলি মতা হ’বা, আৰু দেশ নিবাসীৰ বাবে পথ যুগুত কৰোঁতা বুলি প্ৰখ্যাত হ’বা।


যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।


তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।


মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।


তেওঁলোকে পুৰণি ধ্বংসস্থানবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব, বহু আগৰ পৰা পুৰুষানুক্রমে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব।


আৰু যি অপৰাধৰ দ্বাৰাই তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, তেওঁলোকৰ সেই সকলো অপৰাধ মই ধুই পেলাম; আৰু যি নানা অপৰাধেৰে তেওঁলোকে মোৰ অহিতে পাপ কৰিলে, আৰু যাৰ দ্বাৰাই তেওঁলোকে অধৰ্ম–আচৰণ কৰিলে, মই তেওঁলোকৰ সেই সকলো অপৰাধ ক্ষমা কৰিম।


আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন