Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 33:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 কিয়নো মই যিহূদা আৰু ইস্ৰায়েলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু আগৰ দৰে পুনৰায় তেওঁলোকক স্থাপন কৰিম।

অধ্যায়টো চাওক কপি কৰক




যিৰি 33:7
28 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।


হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।


অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।


হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।


মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”


শুনা, তোমালোকৰ প্ৰহৰীসকলে তেওঁলোকৰ মাত উচ্চ কৰিছে; একেলগে তেওঁলোকে জয়-ধ্বনি কৰিছে; কাৰণ যিহোৱা চিয়োনলৈ ঘুৰি অহা, তেওঁলোকে, তেওঁলোকৰ প্রতেক চকুৱে দেখিবলৈ পাব।


আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।


কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।


আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।


যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।


তেওঁলোকৰ সন্তান-সন্ততিসকল আগৰ দৰে হ’ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ’ব, আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম।


কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”


তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।


যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,


হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।


তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।


আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।


তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি অব্ৰাহাম, ইচহাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।


‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।


যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানসকল আৰু যিহূদাৰ সন্তানসকল একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।


হে চিয়োন-জীয়াৰী, তোমাৰ অপৰাধৰ দণ্ড সম্পূৰ্ণ হ’ল; তেওঁ পুনৰ তোমাক বন্দী অৱস্থালৈ নিনিব। কিন্তু হে ইদোম-জীয়াৰী, তেওঁ তোমাৰ অপৰাধৰ প্ৰতিফল দিব; তেওঁ তোমাৰ পাপ প্ৰকাশ কৰিব।


কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।


মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাইছিল।


সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”


তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন