তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
যিহি 34:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা। |
তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”
তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে, যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।
গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?
এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে, সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে; সি মানুহ খাবলৈ ধৰিলে।
তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে। তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল!
তেওঁলোকে তাক হাঁকোটা লগাই পিঞ্জৰাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে। ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্ব্বতত ৰাখিলে।
“মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।