Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 কৰি 1:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।

অধ্যায়টো চাওক কপি কৰক




2 কৰি 1:24
16 পৰস্পৰ সংযোগসমূহ  

যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;


হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;


(কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;)


কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।


সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। উচ্চমনা নহ’ব, বৰং ভয় কৰক৷


তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।


যদি তাৰ সহদাস সকলক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন-পান কৰে,


তেনেহলে আপল্লো কোন? পৌলেই বা কোন? এওঁলোক ঈশ্বৰৰ পৰিচাৰক মাথোন; এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হ’ল। প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে;


আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।


কাৰণ কোনোৱে যদি আপোনালোকক দাস কৰে, কোনোৱে যদি আপোনালোকৰ মাজত মতভেদ জন্মাই, কোনোৱে যদি আপোনাৰ পৰা লাভ বিচাৰে, কোনোৱে যদি আপোনালোকক চৰ মাৰে, তথাপি আপোনালোকে সহন কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন