Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 22:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে, যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 22:13
16 পৰস্পৰ সংযোগসমূহ  

চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।


তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;


তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।


বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”


এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”


তাৰ পাছত মিচৰৰ ৰজাই তেওঁৰ ভায়েক ইলিয়াকীমক যিহূদা আৰু যিৰূচালেমৰ ওপৰত ৰজা পাতিলে, আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। তেতিয়া তেওঁ ইলিয়াকীমৰ ককায়েক যোৱাহজক ধৰি মিচৰলৈ লৈ গ’ল।


যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে৷ তেওঁ তেওঁৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে।


ঘৰৰ লগত ঘৰ, আৰু পথাৰৰ লগত পথাৰ যোগ দিয়া সকলৰ সন্তাপ হওক; কোঠালি অৱশিষ্ট নাথকালৈকে, দেশত কেৱল তোমালোক অবশিষ্ট থাকিবা।


ন্যায়ৰূপে ধন নোগোটোৱা মানুহ, নিজে নজগোৱা আন পোৱালি গোটোৱা কইৰা চৰাইৰ নিচিনা; তাৰ আধা বয়সতে সেয়ে তাক এৰি যাব, আৰু শেষ কালত সি মূৰ্খ হৈ পৰিব।


মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।


মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,


ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন