Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইব্ৰী 12:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;

অধ্যায়টো চাওক কপি কৰক




ইব্ৰী 12:12
11 পৰস্পৰ সংযোগসমূহ  

তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।


এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।


ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।


তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”


আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;


সকলোৰে হাত দুৰ্ব্বল হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব,


সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।


তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।


লঘোন দিয়াৰ কাৰণে মোৰ আঁঠু দুটা দুৰ্ব্বল হৈছে; মোৰ শৰীৰ ক্ষীণ হৈ শুকাই গৈছে।


সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন