গীত 37:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব। |
তুমি অহঙ্কাৰীবোৰক ধমক দিছা; তেওঁলোকতো শাপগ্ৰস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।
কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক; কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব। তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব।
তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।
কিয়নো যিমান মানুহে বিধান-শাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে, সেই সকলোৱেই শাপগ্ৰস্ত; কিয়নো শাস্ত্রত লিখা আছে, “বিধানত যি সকলো লিখা আছে, তাৰ সকলো কথা যি জনে পালন নকৰে, তেওঁ শাপগ্রস্ত।”
খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”
আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”