3 মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়; সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়; সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়।
কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
(এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;)
যিহোৱাৰ আশীৰ্ব্বাদ পোৱাসকল পৃথিবীৰ অধিকাৰী হব, কিন্তু যি সকলক তেওঁ অভিশাপ দিয়ে, তেওঁলোক উচ্ছন্ন হব।
তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, ‘তাত কোনো মানুহ নাথাকক; আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’