1 ধন্য সেই লোক, যি লোকৰ অপৰাধ ক্ষমা কৰা হয়; যি লোকৰ পাপ ঢকা হয়।
তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।
যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে,
ধন্য সেই লোকসকল, যি সকলে ন্যায় কার্য কৰে আৰু সকলো সময়তে ধৰ্মাচৰণ কৰে।
ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
ধন্য সেই লোক, যি লোকে যিহোৱাৰ ওপৰত ভাৰসা কৰে; যিজনে অহংকাৰীবোৰৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাবোৰৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে।
হে বীৰ, তুমি দুষ্কৰ্মত কিয় গৰ্ব্ব কৰিছা? ঈশ্বৰৰ দয়া চিৰকাললৈকে থাকে।
নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।
হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।
হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।
তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
তোমাৰ ঘন মেঘৰ দৰে অপৰাধবোৰ, আৰু তোমাৰ মেঘৰ দৰে পাপবোৰ মচি পেলাম; তুমি মোলৈ ঘূৰি আহাঁ, কিয়নো মই তোমাক মুক্ত কৰিলোঁ।
তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে।
কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”
যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷