ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল।