যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
ইয়ো 17:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ, |
যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে, পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।
কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তঃকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।
তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।