9 মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।
কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”
কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
য’ৰ পৰা মই উলটি নাহিম, সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,
সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা?
কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।
যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,
আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম কেতিয়া ধূলিত গৈ জিৰণী পাম?”
কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।
নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে, তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।
মোৰ ওপৰৰ পৰা তোমাৰ কঠোৰ দৃষ্টি আঁতৰাই নিয়া, যাতে মই যোৱাৰ আগেয়ে অর্থাৎ মৃত্যুৰ আগেয়ে, পুনৰ হাঁহিব পাৰোঁ।”
সিহঁত মৰা, পুনৰায় নিজীৱ; সিহঁত মৃত, পুনৰায় নুঠিব; আপুনি বিচাৰত আহি সিহঁতক নষ্ট কৰিলে, আৰু সিহঁতৰ সকলো নাম লুপ্ত কৰিলে।
মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।