2 তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।
অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।
সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে; ভাগৰুৱাই তাত জিৰণি পায়।
সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা; কিয়নো শান্তিপ্রিয় লোকৰ বংশৰ কল্যাণ হয়।
মাটিৰ পৰা অহা ধুলি মাটিলৈ ঘূৰি যোৱাৰ পূর্বেই আৰু ঈশ্বৰে দিয়া আত্মা তেওঁলৈ উলটি যোৱাৰ পূর্বেই তুমি যৌৱন কালত তোমাৰ সৃষ্টিকৰ্ত্তাক সোঁৱৰা।
দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
ধাৰ্মিকলোকৰ পথ সৰল; আপুনি ধাৰ্মিকসকলৰ পথ সমান কৰিছে।
যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
তুমি শেষলৈকে নিজৰ পথত চলি থাকা; আৰু তুমি বিশ্ৰাম পাবা। শেষৰ দিনত তোমাক নিযুক্ত কৰা স্থানত তুমি থিয় হ’বা।”
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
কালক্ৰমে সেই মগনীয়া জন মৰিল, স্বর্গৰ দূত সকলে আহি অব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ’ল৷ পাছত ধনী ব্যক্তি জনো মৰিল তাতে তেওঁক মৈদাম দিয়া হ’ল৷
“হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক।
কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”
কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।
এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ।
কিন্তু মই এই দুটাৰ চেপাৰ মাজত সোমাই আছোঁ৷ ইয়াৰ পৰা গৈ, খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা; কিয়নো সেয়ে অতি অধিক গুণে উত্তম!
পাছত এই আকাশ-বাণী শুনিলোঁ, “লিখা: এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”