11 মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা। মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।
মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে; মোলৈ মৈদাম যুগুত আছে।
যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,
মই লোকৰ নামত অভিযোগ কৰিম নে? মই কিয় অসহিষ্ণু নহম?
“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!
মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
“হে যিহোৱা, মোৰ জীৱনৰ শেষ গতি মোক জনোৱা; মোৰ আয়ুস কিমান দিনলৈকে আছে, তাক মোক জানিবলৈ দিয়া; মোৰ জীৱন যে কেনে অলপদিনীয়া, তাক মোক জ্ঞাত কৰা।
চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)