পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
2 চমূ 12:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে। |
পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।
পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?”
পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।
কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।