Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 চমূ 28:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 28:23
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।


এদিন ইলীচাই খোজ কাঢ়ি চুনেমলৈ গৈছিল। সেই ঠাইত বাস কৰা এগৰাকী ধনী মহিলাই তেওঁক নিজৰ ঘৰত আহাৰ গ্রহণ কৰিবলৈ বৰকৈ মিনতি কৰাত, তেওঁ তাত আহাৰ কৰিলে। পাছত তেওঁ যিমানবাৰ চুনেমৰ মাজেদি যায়, সিমানবাৰ সেই ঘৰত খোৱা-বোৱা কৰিবলৈ সোমায়।


তেতিয়া দাসবোৰে তেওঁৰ ওচৰ চাপি আহি নিবেদন কৰি ক’লে, “হে মোৰ পিতৃ, ভাববাদীজনে আপোনাক কোনো কষ্টৰ কাম কৰিবলৈ দিয়া হ’লে, আপুনি জানো তাক নকৰিলেহেঁতেন? তেন্তে কিনো ডাঙৰ কথা, তেওঁ কেৱল কৈছে যে, ‘জোবোৰা মাৰি শুচি হোৱা’; সেয়ে আপুনি তাক কৰা উচিত।”


বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ‍ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।


কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।


আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা।


তেতিয়া ঘৰৰ গৰাকীয়ে দাসক ক’লে, ৰাজবাট আৰু আলিবাটলৈ ওলাই যোৱা আৰু মোৰ ঘৰ ভৰাবলৈ লোক সকলক উচতাই আনাগৈ।


কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”


তাতে লুদীয়া আৰু পৰিয়ালৰ সকলোৱে বাপ্তিস্ম ললে আৰু আমাক অনুৰোধ কৰি ক’লে, “যদিহে মোক আপোনালোকে প্রভুৰ বিশ্বাসকাৰিণী বুলি বিবেচনা কৰে তেনেহলে মোৰ ঘৰত আহি থাককহি।” এইদৰে তেওঁ আমাক বৰকৈ জোৰ কৰিলে।


কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷


এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন