Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




আদি 37:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 তেওঁৰ পুতেক জীয়েক আটাইবোৰে আহি তেওঁক শান্তনা দিবলৈ ধৰিলে; কিন্তু তেওঁ কোনো শান্তনাই নুশুনিলে। তেওঁ ক’লে, “শোক কৰিয়েই মই চিয়োললৈ মোৰ পুত্ৰৰ ওচৰলৈ যাম।” এইবুলি কৈয়ে যোচেফৰ কাৰণে যাকোবে ক্ৰন্দন কৰিবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক




আদি 37:35
18 পৰস্পৰ সংযোগসমূহ  

অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।


এই কথাত লাবনে যাকোবক উত্তৰ দি ক’লে, “ছোৱালীকেইজনী মোৰেই ছোৱালী, সন্তানবোৰ মোৰ নাতি-নাতিনী আৰু এই পশুৰ জাকবোৰো মোৰ পশুৰ জাক। তুমি যি সকলো দেখিছা, সেই সকলোবোৰ মোৰেই। তথাপিও মই আজি মোৰ এই ছোৱালী বা সিহঁতৰ সন্তানবোৰলৈ কি কৰিব পাৰোঁ?


ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।


কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;


তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”


তেওঁ ক’লে, “মোৰ পুত্ৰ যোচেফ যে এতিয়াও জীয়াই আছে, সেয়াই যথেষ্ট; মৃত্যুৰ আগতে মই গৈ তাক চাম।”


ইস্ৰায়েলে যোচেফক ক’লে, “মই ভাবিছিলোঁ তোমাৰ মুখকেই দেখিবলৈ নাপাম; কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে।”


তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।


কিন্তু সি এতিয়া মৰিল, এই হেতুকে মই কি কাৰণে লঘোন দিম? মই জানো তাক ওভোটাই আনিব পাৰিম? মই তাৰ ওচৰলৈ যাম, কিন্তু সি মোৰ ওচৰলৈ আৰু উভটি নাহিব।”


যোৱাবক কোৱা হ’ল, “চাওক, ৰজাই অবচালোমৰ বাবে ক্ৰন্দন আৰু শোক কৰিছে।”


তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।


পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।


সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।


মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]


তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।


যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন