2 পাছত অব্ৰাহামে সকলো কাৰ্য পৰিচালনা কৰা ঘৰৰ বৃদ্ধ দাসক ক’লে, “বিনয় কৰোঁ, তুমি মোৰ কৰঙনৰ তলত হাত দিয়া।
ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙনৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা।
অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
তেতিয়া তেওঁ ক’লে, “মই অব্ৰাহামৰ দাস।
মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, ‘মই যি কনান দেশত বাস কৰিছোঁ, তুমি মোৰ পুত্রৰ ভার্য্যাৰূপে এই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা।
তেতিয়া তেওঁৰ ঘৰৰ বৃদ্ধ লোকসকলে উঠি তেওঁক মাটিৰ পৰা তুলিবলৈ তেওঁৰ কাষত থিয় হ’ল; কিন্তু তেওঁ উঠিবলৈ সন্মত নহ’ল আৰু তেওঁলোকে সৈতে ভোজনো নকৰিলে।
পাছত জিম্ৰীৰ নামেৰে তেওঁৰ এজন দাসে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। তেওঁ ৰজা এলাৰ ৰথৰ সৈন্যৰ আধা লোকৰ অধ্যক্ষ আছিল৷
ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই পৰিল।
তেতিয়া ধান দোৱাসকলৰ ওপৰত নিযুক্ত কৰা দাসে ক’লে, “তাই নয়মীৰ লগত মোৱাব দেশৰ পৰা অহা মোৱাবীয়া গাভৰু৷