অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




1 চমূ 30:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”

অধ্যায়টো চাওক



1 চমূ 30:22
10 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।


আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।


এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।


সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”


এইদৰে তেওঁলোকৰ লগত আনন্দ কৰাৰ সময়ত, সেই নগৰৰ কিছুমান পাষণ্ড লোক আহি তেওঁৰ ঘৰৰ চাৰিওফালে বেৰি ধৰিলে আৰু দুৱাৰত ঢকিয়াই সেই ঘৰৰ গৰাকী প্ৰাপ্তবয়স্ক গৰাকীজনক ক’লে, “আপোনাৰ ঘৰলৈ যিজন পুৰুষ আহিছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়ক, আমি তেওঁৰ পৰিচয় ল’ম।”


প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে দায়ুদ তেওঁলোকৰ অধিপতি হ’ল; এই দৰে প্ৰায় চাৰি শ লোক তেওঁৰ সঙ্গী হ’ল।


সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।”


মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।


পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।


তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।