Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 7:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।

অধ্যায়টো চাওক কপি কৰক




মথি 7:12
19 পৰস্পৰ সংযোগসমূহ  

লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।


তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।


হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।


এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷


বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”


কিন্তু যদি দুষ্টজনে নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে আৰু উচিত আৰু ন্যায় সকলো কাৰ্যবোৰ কৰে, তেন্তে তেওঁ নমৰি অৱশ্যে জীয়াই থাকিব,।


নাভাবিবা যে মই বিধান বা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ, কিন্তু সিদ্ধ কৰিবলৈহে আহিলোঁ।


যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন