1 ৰাজা 21:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201913 আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে। অধ্যায়টো চাওক |
তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?