13 সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে,
ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়।
এই কাৰণে তোমালোকে এই গিবিয়ানিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
মোৰ প্ৰভুৱে সেই দুৰ্জন মানুহ নাবলৰ কথা গণ্য নকৰিব, কাৰণ তেওঁৰ নাম যেনে, তেৱোঁ তেনেকুৱাই; তেওঁৰ নাম নাবল, আৰু মুৰ্খতা তেওঁত আছে। কিন্তু মোৰ প্ৰভুৱে পঠোৱা সেই যুৱকসকলক আপোনাৰ এই দাসীয়ে দেখা নাছিল।