ঈশ্বৰৰ বাক্যত আমি ভৱিষ্যতবাণীৰ কথা পাইছোঁ। ভৱিষ্যতবক্তাসকলক ঈশ্বৰে তেওঁৰ লোকসকলৰ লগত কথা পতাৰ বাবে ব্যৱহাৰ কৰে। বাইবেলত ইতিমধ্যেই ভৱিষ্যতৰ বহুতো ঘটনা লিখা আছে। ঈশ্বৰৰ বাক্যত আমি এই সুন্দৰ বাক্যটো পাইছোঁ: "কাৰণ কোনো ভাববাণী কেতিয়াও মানুহৰ ইচ্ছাৰে কহা নহয়, কিন্তু পবিত্ৰ লোকসকলে পবিত্ৰ আত্মাৰ দ্বাৰা প্ৰেৰিত হৈ ঈশ্বৰৰ পৰা যি পালে, তাকেই ক’লে।" (২ পিতৰ ১:২১) ভৱিষ্যতবাণীৰ বাক্য হৈছে ঈশ্বৰৰ উদ্দেশ্য অনুসৰি স্বৰ্গৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ চাবি। আমি পূৰণ হোৱা ভৱিষ্যতবাণীসমূহ কালক্ৰমিকভাৱে তুলনা কৰিব লাগে আৰু ভৱিষ্যত কি হ’ব তাৰ স্পষ্ট আৰু সুশৃংখল ভৱিষ্যতবাণী কৰিব লাগে। এইদৰে আমি ঘোষণা কৰিব পাৰিম আৰু ভুল পথত চলা লোকসকলক সতৰ্ক কৰি অনন্ত জীৱনৰ পথলৈ ঘূৰাই আনিব পাৰিম। যিসকল খ্ৰীষ্টক গ্ৰহণ কৰিবলৈ আৰু স্বৰ্গলৈ উঠাই লৈ যাবলৈ সাজু, তেওঁলোকে পৰিত্ৰাণ পাবলৈ শেষলৈকে ধৈৰ্য্য ধৰি থাকক।
চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা:
মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা।
(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
প্ৰেম কেতিয়াও লুপ্ত নহ’ব; কিন্তু ভাববাণী হ’লে, লোপ হ’ব; পৰভাষা হ’লে, সেইবোৰ গুচিব; জ্ঞান হ’লে, সেই জনো লুপ্ত হ’ব।
কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব।
সূৰ্যৰ তলত ঈশ্বৰে তোমাক এই যি সকলো অস্থায়ী আয়ুসৰ কাল দিছে, তোমাৰ জীৱনৰ সেই সকলো অসাৰ দিনত তোমাৰ ভার্যা, যাক তুমি ভালপোৱা, তেওঁৰে সৈতে আনন্দেৰে জীৱন কটোৱা। কিয়নো সূর্যৰ তলত তোমাৰ জীৱনকালত আৰু তোমাৰ পৰিশ্রমত এয়ে তোমাৰ পাবলগা ভাগ।
হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক;
কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্য্যাৰ মূৰ স্বৰূপ হৈছে।
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক প্ৰতিৰোধ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
আপোনালোকৰ আচাৰ-ব্যৱহাৰ নিৰ্ল্লোভী হওক, অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক; আপোনালোকৰ যি আছে, তাতে আপোনালোক সন্তুষ্ট হৈ থাকক; কিয়নো তেৱেঁ কৈছে, মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
এতেকে আমি সাহসেৰে ক’ব পাৰোঁ যে, প্ৰভু মোৰ সহায়কৰ্তা; মই ভয় নকৰিম; মানুহে মোক কি কৰিব?
আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গ’ল, তেওঁলোকক সোঁৱৰণ কৰক; আৰু তেওঁলোকৰ জীৱন, আচৰণৰ শেষগতি চাই-চিন্তি, তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক।
তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”
সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?
তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?
তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব। যুৱতীৰ ককায়েকসকলৰ কথা;
যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা শোটোৰা পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলঙ্কৰূপে উপস্থিত কৰিব পাৰে।
সেইদৰে স্বামী সকলে নিজ নিজ ভাৰ্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যি জনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে।
কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে; কিন্তু পৰিপুষ্ট কৰি তাৰ যত্ন লয়। সেইদৰে খ্রীষ্টয়ো মণ্ডলীক ভালপায়।
আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ।
‘এই কাৰণে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজ তিৰোতাত আসক্ত হব আৰু তাতে দুয়ো এক দেহ হব।’
ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছোঁ।
যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক আৰু ভার্য্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক।
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বশীভূত হওক।
হে ভাৰ্যা সকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বশীভূত হওক;
প্ৰেম সহনশীল আৰু স্নহশীল; প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে; ই অহংকাৰী বা অশিষ্টাচাৰী নহয়,
ই নিজৰ লাভ নিবিচাৰে, সহজে কুপিত নহয় আৰু ই অন্যায় আচৰণ নকৰে৷
ই অধাৰ্মিকতাত আনন্দ নকৰে, কিন্তু সত্যতাত আনন্দ কৰে,
প্ৰেমে সকলোকে আকোৱালি লয়, সকলোকে বিশ্বাস কৰে, সকলোকে আশা কৰে আৰু সকলোকে সহ্য কৰে।
হে পুৰুষ সকল, খ্ৰীষ্টে ষেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক;
সেইদৰে হে স্বামী সকল, আপোনালোকতকৈ স্ত্ৰী সকল মাটিৰ পাত্ৰৰদৰে কোমল, জীৱনৰূপ অনুগ্ৰহৰ সহকাৰিণী বুলি জানি, আপোনালোকৰ প্ৰাৰ্থনাত যেন বাধা নজন্মে, এই কাৰণে তেখেত সকলৰ সৈতে জ্ঞানমতে সহবাস কৰি তেখেত সকলক সমাদৰ কৰক।
হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত।
হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব।
পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।
তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক।
তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়।
তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? আৰু মোৰ সঙ্কল্পৰ পুত্র কি?
তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।
তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়।
তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়,
“অনেক জীয়েকে ভাল কাৰ্য কৰে, কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।”
তোমাৰ শক্তি মহিলাক নিদিবা, আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা।
সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়।
তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া, আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা।
কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
মূল্য দি আপোনালোক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব।
ভাই-ভনী সকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা।
কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ।
কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;
শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক।
কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়।
কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।
এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”
কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”।
বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
যিহোৱাই গৃহ নিৰ্ম্মাণ নকৰিলে, নিৰ্ম্মাণ কৰাসকলৰ পৰিশ্ৰম বৃথা; যিহোৱাই নগৰ ৰক্ষা নকৰিলে, ৰখীয়াই পৰ দিয়াও মিছা।
তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক।
কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই;
আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে,
আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে।
সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি,
সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।
সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ।
ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক;
আপোনালোকে চয়তানক সুযোগ নিদিব।
যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক।
আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক।
শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।
তেতিয়া ইচহাকে নিজ মাতৃ চাৰাৰ তম্বুলৈ ৰিবেকাক লৈ গ’ল আৰু ইচহাকে তেওঁক গ্ৰহণ কৰিলে, তাতে ৰিবেকা তেওঁৰ ভাৰ্যা হ’ল। আৰু ইচহাকে তেওঁক প্ৰেম কৰিলে; তাতে তেওঁৰ মাতৃৰ মৰণৰ পাছত, তেওঁ শান্ত্বনা পালে।
পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে, আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহ’ব; কিয়নো যি জনে আন লোকক প্ৰেম কৰে, তেওঁ বিধানকো সিদ্ধ কৰিলে।
তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।
ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব।
আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।
পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়
কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”
এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।
এই হেতুকে আপোনালোক নিৰ্ব্বোধ নহব, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক।
দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;
ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্রসংশা কৰক।
খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
সেয়ে, যাকোবে ৰাহেলৰ কাৰণে সাত বছৰ সেৱা কার্য কৰিলে; ৰাহেলক প্ৰেম কৰাৰ কাৰণেই সেই বছৰবোৰ যাকোবৰ মনত মাত্র অলপ দিন যেন লাগিল।
হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।
সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;
কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।
প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷
যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;
পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।
যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।
যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।
আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।
অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷
যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।